গুণগুণ আৰু কঠিয়া, ছচিয়েল মিডিয়াত খুবেই চৰ্চিত বিষয়৷ প্ৰশাসনক মাত্ৰ এদিনৰ সময় বিচাৰি গুণগুণে জনোৱা অনুৰোধক নস্যাৎ কৰি গুণগুণহঁতৰ কঠিয়াতলিত উচ্ছেদ চলাইছিল প্ৰশাসনৰ লোকে৷ তাৰপিছতেই গুণগুণে কৰা এটা ফেছবুক লাইভে তোলপাৰ লগাইছিল ৰাজ্য৷ প্ৰায়সংখ্যক লোকেই এই কাৰ্যক অমানৱীয় বুলিও আখ্যা দিছিল৷ গুণগুণৰ কাষত থিয় দিছিল সচেতন সমাজ৷ গুণগুণৰ এই বিশেষ ভিডিঅ’ৰ ওচৰত সেও মানি ৪ জুলাই তাৰিখে প্ৰশাসনে গুণগুণৰ ঘৰলৈ চৰকাৰীভাৱে কঠিয়া পঠিয়াইছিল৷ কিন্তু সেই কঠিয়া গুণগুণৰ পৰিয়ালে গ্ৰহণ নকৰিলে৷ সাপ হৈ খুঁটি বেজ হৈ জৰা বুলি আখ্যা দি সেই কঠিয়া ঘূৰাই পঠিয়ালে গুণগুণৰ পৰিয়ালে৷ গুণগুণৰ এই কাৰ্যৰ পাছতেই শেহতীয়াকৈ ফোনযোগে বিশেষ ভাবুকি দিয়া বুলি অভিযোগ আনিছে গুণগুণ আৰু তেওঁৰ পৰিয়ালে৷
গুণগুণে আমাৰ সাংবাদিকৰ সন্মুখত দিয়া মন্তব্যত কয়, ‘কঠিয়াখিনি কঠিয়া হৈয়ে থাকিবলৈ দিয়ক৷ কঠিয়াক লৈ আপোনালোকেও পলিটিক্স নকৰিব৷ আমাক কোৱা হৈছে কঠিয়াখিনিৰ পিছত কিয় লাগি আছে? মানুহৰ ঘৰ দুৱাৰ গুচি গৈছে তঁহতে কঠিয়াৰ পিঠত লাগি আছ বুলি আমাক কোৱা হৈছে৷ তেওঁলোকে হয়তো ভাত খাই জীয়াই থকা নাই৷ পথাৰত নামি চাওক তেতিয়াহে বুজিব এমুঠি ভাত কিমান কষ্টকৈ গোটোৱা হয়৷ আমি স্পষ্টৰূপত কৈছো আমাক প্ৰশাসনে দিয়া কঠিয়া নালাগে৷ ওচৰ চুবুৰীয়াই দিয়া কঠিয়াৰেই আমি এইবাৰ খেতি কৰিম৷ প্ৰকৃত কৃষকেহে কঠিয়াৰ মূল্য বুজে৷
কঠিয়াখিনিক লৈ ৰাজনীতি আৰম্ভ নকৰিব৷ আমাৰ এই দুখৰ সমভাগী হ’বলৈ মানুহ হিচাপে কোনোবা আহিছে তেওঁলোকৰ সৈতে আমি ভালকৈ কথা পাতিছো৷ কথা পতা মানেই আমি কোনোবা দল সংগঠনত জইন কৰা নুবুজায়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ