আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই শাওন মাহ আৰম্ভ হব৷ এই বছৰ শাওন আৰম্ভ হব আগন্তুক ১৮ জুলাইৰ পৰা৷ আপুনি ভগৱান শিৱৰ ভক্ত হলে শাওন মাহ পালনৰ প্ৰস্তুতি এতিয়াৰে পৰাই আৰম্ভ কৰিব পাৰে৷ শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰ ভালধৰণে পৰিষ্কাৰ কৰাটো জৰুৰী৷ তেতিয়া সংসাৰত পজিটিভ এনাৰ্জি বৰ্তি থাকিব৷ এই সময়ত ঘৰৰ পৰা অপ্ৰয়োজনীয় সামগ্ৰী জমাই নাৰাখিব৷ এনে সামগ্ৰী ৰাখিলে অসন্তুষ্ট হয় ভগবান৷ জানি থওক শাওন আৰম্ভ হোৱাৰ পূৰ্বেই কি কি সামগ্ৰী আঁতৰাই দিয়া দৰকাৰ?
শুকাই যোৱা গছ
ঘৰত শুকাই যোৱা গছ নাৰাখিব৷ শুকান গছে সংসাৰত নিগেটিভ এনাৰ্জি আনে৷ কেকটাছ জাতীয় কাঁইট গছ ভুলতো ঘৰত নাৰাখিব৷ ঘৰত কাঁইটগছ থাকিলে সংসাৰত অশান্তিৰ পৰিবেশ তৈয়াৰ হয়৷ শুকাই যোৱা তুলসী গছ ঘৰত থাকিলে এতিয়াই সেই গছ আঁতৰাই নতুন গছ ৰোৱক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ