অসম লাইভ২৪ঃ প্ৰিয়জনক এপাহ গোলাপ দিয়েই আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহ। কেৱল এপাহ গোলাপ নহয়। গাজিয়াবাদৰ এজন যুৱকে প্ৰেমৰ সপ্তাহত প্ৰেমিকাৰ উৎসৰ্গা কৰিছে এখন গোলাপৰ বাগান।
প্ৰেয়সীৰ কাষত বহি এপাহ গোলাপ আগবঢ়াই দিয়াৰ পৰম্পৰা বহু পুৰণি। এয়া প্ৰায়সংখ্যকে কৰিয়েই থাকে। কিন্তু একে বাটে যাব নোখোজে এই ব্যক্তিগৰাকীয়ে। প্ৰেয়সীৰ সৈতে প্ৰেমৰ সপ্তাহটোক পৃথকভাৱে উদযাপন কৰিব বিচাৰে।
সেই চিন্তাৰেই যুৱকজনে বিগত কেইবামাহো ধৰি ব্যস্ত হৈ আছিল বাগান নিৰ্মাণৰ কামত। ৮ মাহ পূৰ্বৰে পৰাই গোলাপ বাগান নিৰ্মাণত ব্যস্ত হৈ আছে যুৱকজন। প্ৰেয়সীক এই উপহাৰ দিয়া মাত্ৰকেই প্ৰেয়সীও বাগানখন দেখি আৱেগিক হৈ পৰা বুলি জনাইছে যুৱকজনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ