অসম লাইভ২৪ঃ স্বামী আদিল খানৰ বিৰুদ্ধে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ আনিছে ৰাখী সাৱন্তে। কেতিয়াবা যদি মাৰধৰ, কেতিয়াবা ধন হৰলুকি কেতিয়াবা আকৌ যৌন আতিহায্য চলোৱাৰো অভিযোগ আনিছে ৰাখীয়ে।
এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত ৰাখীয়ে দিয়া সাক্ষাৎকাৰত কয়, ‘মোৰ নগ্ন ভিডিঅ’ শ্বুট কৰিছে আদিলে। আৰু সেই ভিডিঅ’টো মোটা অংকৰ ধনৰ বিনিময়ত বিক্ৰিও কৰিছে। মই ছাইবাৰ ক্ৰাইম শাখাতো অভিযোগ দাখিল কৰিছো। আদিলে শাস্তি পাবই।’ কেৱল এই অভিযোগেই নহয়। ৰাখিয়ে আদিলক বিবাহ বহিঃৰ্ভূত সম্পৰ্ক ৰখাৰ কথাও সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে। তনু নামৰ মহিলাৰ সৈতে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে ৰাখীয়ে। সাক্ষাৎকাৰটোত এই কথা প্ৰকাশ কৰিবলৈ গৈ ৰাখীয়ে কয়, ‘আদিলে মোক বিশ্বাসঘাতকতা কৰিছে। তাক মই নেৰো।’
আনহাতে বৃহস্পতিবাৰে সংবাদমাধ্যমৰ সন্মুখত ৰাখীয়ে কয় যে, আদিলৰ মাকে ৰাখীক ফোন কৰিছিল। তেওঁ কয় যে আদিল সৰু লৰা তাক আৰু শাস্তি দিব নালাগে। শাহুৱেকৰ ফোন পোৱা মাত্ৰকেই খঙত জকি উঠিছে ৰাখী। আদিল এতিয়া সৰু লৰা নহয়। ৩০ বছৰীয়া মানুহ এজন সৰু লৰা হ’ব নোৱাৰে। বিগত ৭ মাহ ধৰি আদিলে ৰাখীক অত্যাচাৰ চলাই আহিছে। এয়া শিশুক কাৰ্যকলাপ হ’ব নোৱাৰে।
উল্লেখ্য যে, আদিলৰ বাবেই ৰাখীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। কিন্তু আদিলেই ৰাখীক স্বীকৃতি দিব বিচৰা নাই। কিছুদিন পূৰ্বে মাতৃকো হেৰুৱাইছে ৰাখীয়ে। সেই সময়লৈ ৰাখীৰ কাষতেই আছিল আদিল। কিন্তু তাৰ কেইটামান দিন পাছতেই ৰাখীয়ে সংবাদমাধ্যমৰ আগত আদিলৰ বিৰুদ্ধে অভিযোগ অনা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ