পুৰুষৰ শৰীৰত টেষ্টোষ্টেৰণ হৈছে প্ৰধান যৌন হৰমন, যিয়ে পেশিশক্তি, হাড়ৰ ঘনত্ব, যৌন ইচ্ছা, স্পাৰ্ম উৎপাদন, মুড আৰু শক্তিৰ মাত্ৰা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে৷ বয়স বঢ়াৰ লগে লগে স্বাভাৱিকভাৱেই টেষ্টোষ্টেৰণৰ মাত্ৰা কিছু কমে৷ বহু ক্ষেত্ৰত অস্বাভাৱিকভাৱে কমি গলে বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ কাৰণ হব পাৰে৷ এই অৱস্থাকেই সাধাৰণভাৱে ল টেষ্টোষ্টেৰণ বা হাইপোগোনডিজম বুলি কোৱা হয়৷
কেনেকৈ বুজিব যে আপুনিও এই সমস্যাত ভূগিছে?
সংগমৰ ইচ্ছা কমি যোৱাটোৱেই ল টেষ্টোষ্টেৰণ লেভেলৰ অন্যতম ডাঙৰ লক্ষণ৷ লিবিডো হ্ৰাস পোৱা আৰু যৌন আগ্ৰহ কমি যোৱা অন্যতম প্ৰধান লক্ষণ৷
ইৰেকটাইল সমস্যাও টেষ্টোষ্টেৰণৰ মাত্ৰা কম হোৱাৰ প্ৰধান লক্ষণ হব পাৰে৷ লিংগ দৃঢ় নোহোৱা হলে বা স্বাভাৱিকভাৱে কম দৃঢ় হলে সাৱধান হোৱা জৰুৰী৷
অতিৰিক্ত ক্লান্তিও এই ৰোগৰ প্ৰধান লক্ষণ হব পাৰে৷ পৰ্যাপ্ত টোপনিৰ পাছতো দিনজুৰি ক্লান্তি অনুভৱ কৰাৰ নেপথ্যত বহু কাৰণ থাকিলেও টেষ্টোষ্টেৰণ কমি যোৱাৰ প্ৰধান কাৰণ৷
পেশিশক্তি কমি যোৱা বা পেশিৰ দুৰ্বলতাৰ কাৰণো এয়া হব পাৰে৷ ব্যায়াম কৰিলেও পূৰ্বৰ দৰে ফল নাপালে সেয়া টেষ্টোষ্টেৰণ কম থকাৰ লক্ষণ হব পাৰে৷
মুড ছুইঙৰো অন্যতম কাৰণ শৰীৰত টেষ্টেষ্টেৰণৰ মাত্ৰা ঠিকে নথকা৷ খিংখিঙিয়া মেজাজ, হতাশা বা মন মাৰি থকা ভাৱ হ’লে সচেতন হোৱা জৰুৰী৷
ইয়াৰোপৰি দীৰ্ঘম্যাদত হাড়ৰ ঘনত্ব কমি গৈ অষ্টিওপোৰোচিচৰ আশংকা বাঢ়িব পাৰে এই সমস্যাৰ বাবে৷ শৰীৰত নোমৰ বৃদ্ধিতো প্ৰভাৱ পৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















