অসম লাইভ২৪ঃ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰি চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে চন্দ্ৰযান-৩য়ে। ইতিমধ্যেই পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ একাধিক ছবিও প্ৰেৰণ কৰিছে যানখনে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই প্ৰকাশ কৰিছে ছবিসমূহ। কিন্তু এই অভিযানক লৈ সমগ্ৰ বিশ্বক হতচকিত কৰি বিশেষ ঘোষণা কৰিছে ৰাছিয়াই। মস্কোৰ Moon Missionৰ খবৰ পোহৰলৈ অহাৰ পাছতেই আৰম্ভ হৈছে আন এক জল্পনা। এইবাৰ ৰুছৰ মহাকাশযানৰ ধাক্কাত গুৰি হৈ যাব নেকি চন্দ্ৰযান-৩? ভাৰতৰ অভিযান সফল হোৱাৰ পূৰ্বেই চন্দ্ৰপৃষ্ঠত ভৰি থব নেকি ৰুছ লেণ্ডাৰে? এইসমূহ প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তেই ৰাছিয়াই তেওঁলোকৰ মহাকাশযান পঠিওৱাৰ দিন ঘোষণা কৰিছে।
আগষ্ঠ মাহৰ আৰম্ভণিতে এই চন্দ্ৰ অভিযানৰ কথা প্ৰকাশ কৰিছে ৰুছ মহাকাশ গৱেষণা সংস্থা Roscosmosয়ে। বিষয়টোক লৈ এক প্ৰেছ বিবৃত্তি দিছে Roscosmosয়ে। ১১ আগষ্ঠত অৰ্থাৎ শুকুৰবাৰে চন্দ্ৰৰ দিশে ৰাওনা হ’ব লেণ্ডাৰ লুনা-২৫। ভোষ্টোচনি কছমোড্ৰোম স্পেছ চেণ্টাৰৰ পৰা সফল উৎক্ষেপণৰ বাবে ইতিমধ্যে সকলো সাজু কৰি তুলিছে ৰাছিয়াই। এই হালধীয়া যানখনত উঠিয়েই চন্দ্ৰলৈ যাত্ৰা কৰিব লেণ্ডাৰ লুনা-২৫য়ে।
ৰুছ মহাকাশবিজ্ঞানীৰ দাবী যে মাত্ৰ ৫ দিনৰ মাধ্যমেৰে চন্দ্ৰৰ কক্ষপথলৈ যাত্ৰা কৰিব লুনা-২৫। তাৰপাছতেই অন্তত ৫পৰা ৭ দিন চন্দ্ৰক প্ৰদক্ষিণ কৰিব লুনা-২৫য়ে। শেষত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিব সেই লেণ্ডাৰে। উল্লেখ্য যে, ৪৭ বছৰ পাছত পুনৰ চন্দ্ৰাভিজানত নামিছে ৰাছিয়া। ১৯৭৬ চনত ছোভিয়েট যুগত শেষবাৰৰ বাবে পৃথিৱীৰ পৃথিৱীৰ উপগ্ৰহত মহাকাশযান পঠিয়াইছিল মস্কো। অন্যহাতে ২০২১ চনতেই লেণ্ডাৰক চন্দ্ৰলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল Roscosmosয়ে। কিন্তু নানান কাৰণত মিছনৰ তাৰিখ পিছুৱাই দিয়ে ৰুছ মহাকাশ গৱেষক সংস্থাই।
ইফালে বিগত ১৪ জুলাইত LVM3-M4 নামৰ চন্দ্ৰযান উৎক্ষেপণ কৰিছে ইছৰোই। ২২ দিনৰ পিছত চন্দ্ৰৰ কক্ষপথত ভৰি দিছে চন্দ্ৰযান-৩য়ে। ২৩ আগষ্ঠত পৃথিৱীৰ উপগ্ৰহৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই পঠিওৱা যানখনে। বৰ্তমানলৈকে মহাকাশযান পঠিয়াইছে তিনিখন দেশে। ৰাছিয়াৰ ওপৰিও আমেৰিকা আৰু চীনেও চন্দ্ৰলৈ যান পঠিয়াইছে। তিনিখন দেশে সফল অভিযান চলালেও দক্ষিণ মেৰুলৈ যান পঠিওৱা প্রথমখন দেশ হ’ব ভাৰত। এইবাৰৰ মিছন সফল হ’লেই চন্দ্ৰত ভৰি দিয়া ভাৰত হ’ব চতুৰ্থখন দেশ। এই সফলতাত ৰাছিয়াৰ লুনা-২৫ য়ে বাধা দিব পাৰে বুলি যি গুজৱ ওলাইছিল সেয়া মিছা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে ইছৰোই। ২৩ তাৰিখে চন্দ্ৰযান-৩ ৰ সৈতে চন্দ্ৰপৃষ্ঠত ভৰি দিব ৰুছ মহাকাশযানেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















