দৌল পূৰ্ণিমা আৰু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ একেদিনাই৷ ভাৰতত সেই দৃশ্য দেখা নাযাব৷ কাৰণ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰম্ভ হব পুৱা ৯ বাজি ২৬ মিনিটত৷ চন্দ্ৰগ্ৰহণ দেখা নগলেও এই সময়ত কিছু নিয়ম মানি চলা জৰুৰী৷ গ্ৰহণৰ সময়ত কিছু নিয়ম নামানিলেই অমংগলৰ আশংকা থাকে৷ অশুভ প্ৰভাৱে ভৰ কৰে৷ এই সমস্ত প্ৰভাৱৰ পৰা নিষ্কৃতি পাবলৈ জানি থওক নিয়ম৷
চন্দ্ৰগ্ৰহণৰ সময় কি কি কৰিব কি কি নকৰিব?
১) গ্ৰহণ চলাৰ সময়ত পূৰ্ণিমাৰ পূজা কৰা হবনে নহয় সেই বিষয়ক লৈ বহুতৰে মনত চিন্তা থাকে৷ কিন্তু জ্যোতিষীৰ মতে এই সময়ত পূজা কৰাত কোনো অসুবিধা নাই৷ দুপৰীয়া ১২ বাজি ২৫ মিনিটত পূৰ্ণিমা শেষ হব৷ তাৰ পূৰ্বে যিকোনো সময়ত পূৰ্ণিমাৰ পূজা কৰি লব পাৰে৷
২) গ্ৰহণ চলাৰ সময়ত কোনো দৰিদ্ৰ ব্যক্তি দেখিলে তেওঁক সাধ্যমতে কিছু দান কৰা উচিত৷ ইয়াত সংসাৰ আৰু পৰিয়ালৰ মঙ্গল হয়৷ ইয়াৰোপৰি ঘৰত দৰিদ্ৰসেৱা কৰিলে মঙ্গল হয় বংশৰো৷ স্বয়ং চন্দ্ৰদেৱৰ কৃপা লাভ কৰা সম্ভৱ হৈ উঠে৷
৩) গ্ৰহণ চলাৰ সময়ত চন্দ্ৰমন্ত্ৰ জপ কৰা শুভ বুলি কোৱা হয়৷ এই মন্ত্ৰ জপ কৰিলে মন শান্ত থাকে৷ নানান অশুভ প্ৰভাৱৰ কবলৰ পৰা মুক্তি পোৱা যায়৷
৪) গ্ৰহণৰ সময়ত চন্দ্ৰমন্ত্ৰৰ ওপৰিও শিৱমন্ত্ৰ জপ কৰিব লাগে৷ যিহেতু মহাদেৱৰ মূৰত অৰ্ধচন্দ্ৰক ধাৰণ কৰিলে এই সময়ত শিৱপূজা কৰিলেও পুণ্য লাভ হয়৷
৫) গ্ৰহণ চলাৰ সময়ত তুলসীপাত ব্যৱহাৰ কৰিলে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ গ্ৰহণ শেষ নোহোৱা পৰ্যন্ত কিছু তুলসীপাত নিজৰ কাষত ৰাখক৷ ইয়াত অমঙ্গলৰ বিৰুদ্ধে ৰক্ষাকবচ তৈয়াৰ হৈ থাকিব গ্ৰহণৰ সময়ত৷ ৰান্ধি থোৱা খাদ্যৰ ওপৰতো তুলসীপাত দি থোৱা ভাল৷ ঘৰত আঁচাৰ থাকিলেও তাৰমাজত তুলসীপাত দি থওক৷
৬) গ্ৰহণৰ সময়ত গৰ্ভবতী মহিলাসকলে সতৰ্কতা অৱলম্বন কৰা উচিত৷ যিমান সম্ভৱ বাহিৰলৈ কম ওলোৱাই ভাল৷ ইয়াৰোপৰি ধৰাল সামগ্ৰী ব্যৱহাৰ নকৰিব৷ গ্ৰহণ চলাৰ সময়ত জাগি থকাৰ চেষ্টা কৰক৷ গ্ৰহণ শেষ হলে এবাৰ গা ধোৱাটো জৰুৰী৷
৭) গ্ৰহণ চলাৰ সময়ত ৰং খেলাত অসুবিধা নাই৷ কাৰণ এই গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ