হোলী লগতে চন্দ্ৰ গ্ৰহণৰ দিনা পুৱাই ভূমিকম্পই কঁপাই গ’ল ৰাজ্য
আজি ১৪ মাৰ্চ তাৰিখ, হোলীৰ লগতে আজি চন্দ্ৰ গ্ৰহণো। আজিৰ এই দিনটোতে পুৱাই এক মৃদু ভূমিকম্পই কঁপাই যায় ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ।
পুৱা ৬ বাজি ১ মিনিটত অনুভুত হয় এই ভূমিকম্পৰ। এই ভূমিকম্পৰ প্ৰাবল্য ভূ কম্পন বিভাগে সদৰি কৰা অনুসৰি ৪ ৰিখটাৰ স্কেল।
ইয়াৰ অভিকেন্দ্ৰ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা। সমতলৰ পৰা ইয়াৰ গভীৰতা ১০ কিলোমিটাৰ।
বৰ্তমানলৈ ইয়াৰ পৰা কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।
অন্যহাতে আজি হোলীৰ দিনটোত কেৱল উত্তৰ-পূৱতেই নহয় লাডাখৰ পৰা জম্মু-কাশ্মীৰলৈকে ভূমিকম্পই কঁপাই যায়। লাডাখৰ কাৰ্গিলত ৫.২ প্ৰাবল্যৰ ভূমিকম্প আহে। পুৱতি নিশা ২.৫০ বজাত অনুভৱ কৰা হয়এই কম্পন। কাৰ্গিলৰ লগতে সমগ্ৰ লাডাখৰ লগতে জম্মু-কাশ্মীৰৰ কিছু অংশত এই কঁম্পন অনুভূত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ