অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !
ক্ৰিকেট আৰু বলীউডৰ মাজত এক অতি পুৰণি সম্পৰ্ক। প্ৰায়ে ক্ৰিকেটাৰৰ নাম বলীউডৰ অভিনেত্ৰীৰ সৈতে জড়িত হৈ আহিছে। ইয়াৰে কিছুমানৰ প্ৰেমে পূৰ্ণতা লাভ কৰিছে কিছুমানৰ সম্পৰ্কৰ অন্ত পৰিছে।
এই তালিকাত বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ নামো অন্তৰ্ভুক্ত আছে। এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে নাম সাঙোৰ খাই পৰিছিল মাধুৰীৰ। ৯০ৰ দশকত দুয়োৰে মাজত ঘনিষ্ঠতা আছিল আৰু আনকি বিয়াৰ পৰিকল্পনাও কৰিছিল যদিও হঠাতে কিবা এটা কাৰণৰ ফলত তেওঁলোকৰ সম্পৰ্ক শেষ হৈ যায়।
পাছে কোন আছিল সেইগৰাকী ক্ৰিকেটাৰ !, সেই ক্ৰিকেটাৰগৰাকী হৈছে, টিম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰবীণ ক্ৰিকেটাৰ অজয়জাডেজা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৯০ দশকত অজয় বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ প্ৰেমত পৰিছিল। দুয়োৰে কাহিনী যথেষ্ট আকৰ্ষণীয়।
এটা বিজ্ঞাপনৰ ফটোশ্বুটৰ সময়ত মাধুৰী আৰু অজয় জাডেজাৰ লগ হৈছিল। ইয়াৰ পিছত দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে। লাহে লাহে মাধুৰী আৰু অজয়ৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। কেৱল এয়াই নহয়, অজয়জাদেজাই বলীউডতো কাম কৰিব বিচাৰিছিল, যাৰ বিষয়ে তেওঁ মাধুৰীৰ সৈতেও কথা পাতিছিল।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োজনে আনকি ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল। কিন্তু জাদেজাৰ পৰিয়ালে এই সম্পৰ্কটো বৰ বেছি ভাল নাপালে। কাৰণ জাদেজা ৰাজপৰিয়ালৰ পৰা আহিছিল, আনহাতে মাধুৰী সাধাৰণ পৰিয়ালৰ।
অজয় জাদেজাৰ বেয়া পৰ্যায় আৰম্ভ হৈছিল ১৯৯৯ চনৰ পৰা। সেই বছৰ ফিক্সিঙৰ ক্ষেত্ৰত নাম সাঙোৰ খাইছিল জাডেজাৰ। যাৰ প্ৰভাৱ পৰিছিল ক্ৰিকেট কেৰিয়াৰৰ লগতে মাধুৰী দীক্ষিতৰ সৈতে সম্পৰ্কতো। বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে যেতিয়া মেচ ফিক্সিঙত অজয়ৰ নাম আহিছিল তেতিয়া মাধুৰীৰ পৰিয়ালে মাধুৰীক জাদেজাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল।
ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰে। ইয়াৰ পিছত মাধুৰী আমেৰিকালৈ যায় য’ত শ্ৰীৰাম মাধৱ নেনেক লগ পায়, কিছু সময়ৰ পিছত মাধুৰী আৰু মাধৱ নেনে ইজনে সিজনক বিয়া কৰায়।
অজয় জাদেজাই ৮ বছৰ ভাৰতৰ হৈ ক্ৰিকেট খেলিছিল। ১৯৯২ চনত টিম ইণ্ডিয়াৰ হৈ টেষ্ট আৰু এদিনীয়াত অভিষেক ঘটায় জাদেজাই। ক্ৰিকেট কেৰিয়াৰত জাদেজাই ১৫খন টেষ্ট আৰু ১৯৬খন এদিনীয়া মেচ খেলিছিল। অজয়ে ১৫খন টেষ্ট মেচত ৫৭৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও ১৯৬ খন এদিনীয়া খেলত ৫৩৫৯ ৰান সংগ্ৰহ কৰে। এদিনীয়াত বলিং কৰাৰ সময়ত তেওঁ ২০টা উইকেটো দখল কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ