১৫ ফেব্ৰুৱাৰীত পৰিছে মহাশিৱৰাত্ৰি৷ এই দিনটোত শনিৰ আধিপত্য কুম্ভ ৰাশিত চাৰি গ্ৰহৰ সংযোগ তৈয়াৰ হব৷ বৰ্তমান ৰাহু আৰু বুধে এই ৰাশিত অৱস্থান কৰিছে৷ মহাশিৱৰাত্ৰিৰ পূৰ্বে, শুক্ৰ আৰু সূৰ্যও এই ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষীয়ে কৈছে মহাশিৱৰাত্ৰিত কুম্ভ ৰাশিত এই ৪টা গ্ৰহৰ সংযোগত চাৰিটা ৰাশিৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব পাৰে৷ এই ৰাশিসমূহ কেৱল ভগৱান শিৱৰেই নহয় শনিদেৱৰো প্ৰিয় ৰাশি৷ জানি থওক এই ৰাশিসমূহ কি কি?
মেষ ৰাশি
আৰ্থিক পৰিস্থিতিত উল্লেখযোগ্য পৰিবৰ্তন সম্ভৱ৷
ধন লাভ কৰিব পাৰে৷
ব্যয় নিয়ন্ত্ৰণ কৰা সম্ভৱ, বিনিয়োগত পৰিকল্পনা লাভজনক হব৷
চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই অগ্ৰগতি সম্ভৱ৷
বেকাৰ ব্যক্তিৰ ভাগ্যৰ পৰিবৰ্তন দেখা পাব পাৰে৷
সামাজিক প্ৰতিপত্তি বৃদ্ধি সম্ভৱ৷
কন্যা ৰাশি
পৈতৃক সম্পত্তিৰ পৰা লাভৱান হব পাৰে৷
বাহন বা ঘৰ সম্পৰ্কিত সিদ্ধান্তসমূহে ভৱিষ্যতে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব৷
এই সময়ত লোৱা পৰিকল্পনাসমূহে আপোনাক উপকৃত কৰিব৷
অজ্ঞাত উৎসৰ পৰা আৰ্থিক লাভো পাব পাৰে৷
কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে দেখা সাক্ষাতে কেৰিয়াৰত নতুন দিশা আনি দিব৷
স্বাস্থ্যও সন্তোষজনক থাকিব৷
মকৰ ৰাশি
যিকোনো আৰ্থিক বিৰোধৰ অৱসান হ’ব পাৰে৷
আদালতৰ গোচৰ আপোনাৰ পক্ষত থাকিব৷
ঋণ বা ব্যয় সংক্ৰান্তিয় কোনো চাপ কমিব পাৰে৷
ব্যয় কমোৱাৰ ফলত সঞ্চয় হব আৰু বেংক বেলেন্স বৃদ্ধি পাব৷
থমকি যোৱা কামসমূহ শেষ হব৷
স্বাস্থ্য সমস্যাৰ পৰা মুক্তি পাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিতেই চাৰি গ্ৰহৰ সংযোগ তৈয়াৰ হৈছে৷ সেয়ে এই ৰাশিৰ জাতক সকলোতকৈ বেছি উপকৃত হব৷
তেওঁলোকৰ ধন বৃদ্ধি পাব পাৰে৷
আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷
কেৰিয়াৰ বা ব্যৱসায়ত উচ্চপদ অৰ্জন কৰিব পাৰে৷
যিসকলে চাকৰি এৰি নিজস্ব ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছিল তেওঁলোকৰ অৱস্থা উন্নত হব৷
সোণ আৰু ৰূপৰ দৰে মূল্যবান সামগ্ৰীত বিনিয়োগ বঢ়াব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















