কলকাতাৰ প্ৰতিবাদ অন্তৰ দিশে, মমতা চৰকাৰে মানি ল’লে প্ৰায় সকলো দাবী, কিন্তু…
আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ভুক্তভোগীৰ ন্যায় পাবলৈ ধৰ্মঘটত বহি থকা চিকিৎসকসকলক পতিয়ন নিয়াবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১৬ ছেপ্টেম্বৰ ২০২৪ সোমবাৰে নিশা ঘোষণা কৰে যে আন্দোলনকাৰী চিকিৎসকসকলে উত্থাপন কৰা প্ৰায়বোৰ দাবী ৰাজ্য চৰকাৰে মানি লৈছে।
মমতা বেনাৰ্জীয়ে প্ৰতিবাদকাৰী চিকিৎসকৰ দাবী অনুসৰি কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱাল, স্বাস্থ্য সেৱা সঞ্চালক আৰু চিকিৎসা শিক্ষা সঞ্চালকক অপসাৰণ কৰা হ’ব বুলিও ঘোষণা কৰে।
মমতা বেনাৰ্জীয়ে কয়, ‘কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱাল আৰু উত্তৰ সংমণ্ডলৰ উপ আয়ুক্ত অভিষেক গুপ্তাক বদলি কৰা হ’ব। চিকিৎসকসকলে দাবী কৰিছিল যে গোৱালে তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ বাবে পদত্যাগ কৰিব বিচৰা বুলি আগতেই তেওঁলোকক কৈছিল। “আমি তেওঁৰ অনুৰোধ গ্ৰহণ কৰি তেওঁ দাবী কৰা পদলৈ বদলি কৰিছো।”
মমতা বেনাৰ্জীয়ে কয় যে সোমবাৰে সন্ধিয়া চিকিৎসকৰ সৈতে অনুষ্ঠিত বৈঠক সফল হোৱাৰ লগতে তেওঁলোকৰ দাবীৰ প্ৰায় ৯৯ শতাংশ পূৰণ হৈছে। আৰ জিৰ কৰ অচলাৱস্থাৰ সমাধানৰ বাবে অনুষ্ঠিত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে মঙলবাৰে সন্ধিয়া ৪ বজাৰ পিছত নতুন কলকাতা আৰক্ষী আয়ুক্তৰ নাম ঘোষণা কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ