যুৱকজনৰ হাতত কাম নাই। বেকাৰিত্বত হতাশ হৈ পৰিছিল যুৱকজন। ইয়াৰ পাছতে মাতৃক হত্যা কৰি আত্মহত্যা কৰিলে হতাশগ্ৰস্ত যুৱকজনে। ৭৭ পৃষ্ঠাৰ ছুইচাইড নোটত যুৱকজনে মাতৃক হত্যা কৰাৰ পাছত নিজৰো আত্মহত্যাৰ কাৰণ উল্লেখ কৰি গৈছে। দেওবাৰে দিল্লীৰ ৰোহিনী অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ২৫ বছৰীয়া আত্মহত্যা কৰা যুৱকজনৰ নাম ক্ষীতিশ। বিধৱা মাতৃ মিথিলেশৰ লগত দুয়ো বাস কৰিছিল ৰোহিনী অঞ্চলত। ক্ষীতিশে দুই-তিনিদিন আগতে মাকক হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ মৃতদেহটো শৌচাগাৰত থৈ গৈছিল। ইয়াৰ পাছতে লিখিলে ৭৭ পৃষ্ঠাৰ এক আত্মহত্যাৰ টোকা। টোকাটো লিখি যোৱা দেওবাৰে যুৱকজনে নিজৰ ডিঙিত ছুৰীৰে আঘাত কৰি নিজকে শেষ কৰে।
দেওবাৰে নিশা প্ৰায় ৮ বজাত আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন আহিল। ক্ষীতিশৰ এজন চুবুৰীয়াই আৰক্ষীক ফোন কৰি কয় কাষৰ ঘৰৰ পৰা প্ৰচণ্ড পচা দুৰ্গন্ধ নিৰ্গত হৈ আছে। কিন্তু ঘৰৰ ভিতৰৰ পৰা দুৱাৰত তলা লগোৱা আছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে গৈ ঘটনাস্থলীত উপস্থিত হয়। দুৱাৰ ভাঙি প্ৰথমে উদ্ধাৰ কৰে যুৱকজনৰ নিথৰ হৈ থকা মৃতদেহটো। আৰক্ষীয়ে ঘৰৰ ভিতৰত অনুসন্ধান কৰি শৌচাগাৰত উদ্ধাৰ কৰা হয় যুৱকজনৰ মাতৃৰ প্ৰায় গলিত মৃতদেহ।
আৰক্ষীৰ মতে, মৃতদেহটো সম্পূৰ্ণৰূপে পচি গৈছে। ৰোহিনীৰ উপ আৰক্ষী আয়ুক্ত প্ৰণৱ তয়ালে জনোৱা মতে, যুৱকজনে লিখি যোৱা ৭৭ পৃষ্ঠাৰ এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে।
সেই টোকাটোৰ পৃষ্ঠাই পৃষ্ঠাই যুৱকজনে নিজৰ বেকাৰিত্বৰ বাবে ভুগি অহা হতাশাৰ বিষয়ে লিখি গৈছে। মৃতকৰ আত্মীয় আৰু চিনাকি লোকক সোধা-পোছা কৰি সমগ্ৰ ঘটনাটো নিশ্চিত কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ