ভাৰতক বিশ্বকাপ জয় কৰোৱা ক্ৰিকেটাৰ, এটা ভুলৰ বাবে কেৰিয়াৰ শেষ কৰি এতিয়া ইউটিউবাৰ
আজিকালি বহু যুৱ খেলুৱৈক ভাৰতীয় দলত সুযোগ দিয়া হৈছে। ২০২৪ চনৰ আই পি এলত ভাল প্ৰদৰ্শন কৰা বহু খেলুৱৈয়ে বাংলাদেশৰ বিৰুদ্ধে খেলা ৩ মেচৰ টি-২০ ছিৰিজতো সুযোগ লাভ কৰিছে। পাছে এগৰাকী এনে খেলুৱৈ, যিয়ে ভাৰতক বিশ্বকাপ জয়ত সহায় কৰিছিল। কিন্তু মাত্ৰ এটা ভুলৰ বাবেই এই খেলুৱৈৰ কেৰিয়াৰ ধ্বংস। এতিয়া এইজন ভাৰতীয় খেলুৱৈ ইউটিউবাৰ।
২০১৮ চনত ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোক শতকীয় ইনিংছেৰে বিশ্ব চেম্পিয়ন কৰি তোলা মনজোৎ কালৰাই এটা ভুলৰ বাবে বহু মূল্যৰ ক্ষতি হয় আৰু কেৰিয়াৰ হেৰুৱাবলগীয়া হ’ল। বিশ্বকাপ জয় কৰাৰ পিছত বয়সৰ জালিয়াতিৰ গোচৰত দিল্লী আৰু জিলা ক্ৰিকেট সন্থাই নিষেধাজ্ঞা আৰোপ কৰিছিল মনজোৎ কলৰাক।
অৱশ্যে পিছত মনজোৎ কালৰাই নিজৰ ইউটিউব চেনেলত কয় যে তেওঁৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে। মুম্বাইত অনুশীলনৰ সময়ত পিঠিত আঘাত পাইছিল। তেওঁৰ পিঠিৰ হাড় ভাঙি যায়, যাৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লগা হয়।
১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খিতাপ দখল কৰিবলৈ ২১৭ ৰানৰ লক্ষ্য খেদি ফুৰিছিল। ভাৰতে পৃথ্বী শ্ব’ আৰু শুভমান গিলৰ ৰূপত বিপৰ্যয়ৰ সন্মুখীন হৈছিল। কিন্তু মনজোতে দেৱালৰ দৰে এফালে থিয় হৈ থাকে। শেষলৈকে থাকি কেৱল শতক সম্পূৰ্ণ কৰাই নহয় ভাৰতৰ হৈ খিতাপ দখল কৰে।
এই মেচখনত মানজোতে ১০২টা বলত ১০১ ৰানৰ ইনিংছ খেলিছিল। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৮টা চাৰি আৰু ৩টা ছয়ো আহিছিল। সমগ্ৰ প্ৰতিযোগিতাখনত মনজোতে আচৰিত কাম কৰিলে। ৬খন মেচৰ ৫ ইনিংছত ২৫২ ৰান সংগ্ৰহ কৰি ৮৪ ৰানৰ উৎকৃষ্ট গড় লাভ কৰে।
ক্ৰিকেটৰ পৰা আঁতৰি থকা মনজোতে ২০২৩ চনত নিজৰ ইউটিউব চেনেল আৰম্ভ কৰিছিল আৰু মনজোৎ কলৰাৰ সৈতে চেকেণ্ড ইনিংছ নামেৰে নামাকৰণ কৰিছিল। এতিয়ালৈকে বহু খেলুৱৈয়ে তেওঁৰ চেনেলত সাক্ষাৎকাৰ দিছে। অভিষেক শৰ্মা, মায়ংক যাদৱৰ দৰে ভাৰতীয় খেলুৱৈও মনজোতৰ চেনেলত আহি তেওঁলোকৰ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ