বিশ্ব উষ্ণায়ণ আৰু এতিয়া কেৱল কিতাপত লিখা কথা নহয়, প্ৰত্যেকজন মানুহেই বুজিছে গ্লৱেল ৱাৰ্মিং কি? মানৱ জাতিক গৰমে অস্থিৰ কৰি তুলিছে৷ চলিত বছৰত তাপমাত্ৰাৰ হাফ চেঞ্চুৰী দেখিছে আমাৰ দেশেও৷ প্ৰৱল গৰমতেই শতাধিক মানুহৰ মৃত্যুও হৈছে৷ ইয়াৰমাজতেই বিজ্ঞানীয়ে দিছে আন এক চাঞ্চল্যকৰ তথ্য৷
বিজ্ঞানীৰ দাবী যে ভয়াৱহ গৰম আৰু লুৰ প্ৰভাৱত ব্যাপকভাৱে বিঘ্নিত হৈছে হৰমনৰ ভাৰসাম্য৷ যাৰ প্ৰভাৱ বিশেষভাৱে পৰিছে মহিলাৰ শৰীৰত৷ পৰিণতি অনিয়মিত ঋতুস্ৰাৱ৷ কেৱল সেয়াই নহয়, কিছু কিছু ক্ষেত্ৰত দেখা গৈছে স্বাভাৱিক নিয়ম ভাঙি মাত্ৰ ৭বছৰীয়া বালিকাৰো হৈছে ঋতুস্ৰাৱ৷ বিজ্ঞানীসকলৰ দাবী, এনে শাৰীৰিক পৰিবৰ্তনৰ মূল কাৰণ হৈছে জলবায়ু পৰিবৰ্তন৷ আন্তৰ্জাতিক সংবাদমাধ্যম ‘ডন’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি পাকিস্তানৰ নেশ্ব্যনেল ইন্সটিটিউট অৱ হেলথৰ এক ৰিপৰ্ট প্ৰকাশ পাইছে৷ তাতেই দাবী কৰা হৈছে যে, প্ৰৱল গৰমৰ কাৰণে বেছ কিছু ভৌগোলিক এলেকাৰ মহিলাৰ অনিয়মিত ঋতুস্ৰাৱ দেখা গৈছে৷ পাকিস্তানৰ বহু কমবয়সীয়া বালিকাৰ ঋতুস্ৰাৱ হৈছে৷
যি বয়সত ঋতুস্ৰাৱ শব্দৰ সৈতেই পৰিচিত নহয় তেনে সময়তেই ঋতুস্ৰাৱ হৈছে বহু কিশোৰীৰ৷ কম বয়সতে অস্বাভাৱিক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বালিকাসকলে৷ দিনে দিনে পৰিস্থিতি আৰু বেয়া হৈ যোৱা বুলি দাবী কৰিছে গৱেষণাই৷ জনা গৈছে যে মাত্ৰ ৭বছৰ বয়সতে ঋতুস্ৰাৱ হৈ আকৌ এবছৰৰ পাছত হঠাৎ বন্ধ হৈ গৈছে ঋতুস্ৰাৱ৷ তাৰপিছতেই আকৌ ১২ বছৰ পাৰ হোৱাৰ পাছতো ঋতুস্ৰাৱ হোৱা নাই৷
উল্লেখ্য যে প্ৰাকৃতিক নিয়ম অনুসৰি সৰ্বনিম্ন ১০ৰ পৰা সৰ্বোচ্চ ১৬ বছৰ বয়সলৈকে ঋতুস্ৰাৱ হোৱাৰ বয়স৷ কিন্তু বেছিভাগ কিশোৰীৰ ক্ষেত্ৰতেই ১২ বছৰ ৪মাহ বয়সৰ পৰা ঋতুস্ৰাৱৰ লক্ষণে দেখা দিয়ে৷ গৱেষণাই দাবী কৰিছে যে, পাকিস্তানৰ গৰমৰ প্ৰভাৱতেই এতিয়া ঋতুস্ৰাৱৰো পৰিবৰ্তন আহিছে৷ বিগত ৫০ বছৰত বাৰ্ষিক তাপমাত্ৰা ০.৫ ডিগ্ৰী বৃদ্ধি পাইছে৷ কেৱল সেয়াই নহয়, পূৰ্বতকৈ তাপপ্ৰৱাহৰ পৰিমান বাঢ়ি ৫গুণ হৈছে৷ ২০২২ চনৰ তাপমাত্ৰা পাকিস্তানত ৬০ বছৰৰ ৰেকৰ্ড ভাঙি দিছে৷ বিজ্ঞানীসকলৰ দাবী যে তাপমাত্ৰা বৃদ্ধিৰ ফলত কাৰ্টিছেলৰ স্তৰ বাঢ়ি যায়৷ যাৰ ফলত ডিছমেনেৰিয়াৰ সমস্যা আৰম্ভ হয়৷ চিকিৎসকৰ দাবী, বেছিভাগ মহিলাৰ ঋতুস্ৰাৱ যন্ত্ৰণামুক্ত হয় কিন্তু কাৰ্টিছেলৰ স্তৰ বাঢ়ি গ’লে ঋতুস্ৰাৱৰ যন্ত্ৰণা অসহনীয় হৈ উঠে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ