ইউৰোপৰ সৈতে বাণিজ্যচুক্তি হৈ গ’লে ভাৰতীয় বজাৰত সস্তা হ’ব পাৰে বি এম ডব্লিউ, মাৰ্চিডিজ বেনজৰ দৰে বাহন৷ ইউৰোপৰ পৰা আমদানি কৰা বাহনৰ ওপৰত শুল্ক বহুপৰিমাণে কমি যাব পাৰে ভাৰতত৷ ভাৰতীয় বজাৰত ইউৰোপৰ পৰা অহা বাহনৰ ওপৰত ১১০ শতাংশ শুল্ক আছে৷ প্ৰস্তাবিত মুক্ত বাণিজ্যচুক্তিত সেয়া ৪০ শতাংশ নমাই অনাৰ পৰিকল্পনা আছে ভাৰতৰ৷ বিভিন্ন সূত্ৰৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰিছে ৰয়টাৰ্ছে৷
প্ৰায় ১৮ বছৰ ধৰি আলোচনাৰ পাছত ভাৰতৰ সৈতে বাণিজ্যচুক্তিক লৈ আলোচনা চূড়ান্ত কৰাৰ পথত ইউৰোপীয় ইউনিয়ন৷ আগন্তুক মঙলবাৰে এই ঘোষণা হব পাৰে৷ ইউৰোপীয় কমিছনৰ প্ৰধান উৰসুলা ভন ডাৰ লিয়েনে ইতিমধ্যে ভাৰতলৈ আহিছে৷ সোমবাৰে দিল্লীত গণতন্ত্ৰ দিৱসৰ কুচকাৱাছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকে তেওঁ৷ ইয়াৰপাছতেই মঙ্গলবাৰে মোদীৰ সৈতে বৈঠকৰ সময়ত দ্বিপাক্ষিক বুজাপৰাও চূড়ান্ত হোৱাৰ কথা ঘোষণা হব পাৰে৷
ইউৰোপৰ ২৭ দেশৰ এই জোঁটৰ সৈতে বাণিজ্য বুজাপৰাত কি কি বিষয়ৰ আলোচনা হৈছে সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও জনোৱা হোৱা নাই৷ আলোচনা সম্পৰ্কে এক সূত্ৰই জনাইছে যে বাহনসমূহৰ আমদানিমূল্য ১৫০০০ ইউৰো ভাৰতীয় মুদ্ৰাত ১৬ লাখ ২৬ হাজাৰ টকাৰ বেছি আৰু সীমিত কিছু বাহনৰ ওপৰত অবিলম্বে শুল্ক কমোৱাৰ প্ৰস্তাৱ দিছে ভাৰতে৷ সূত্ৰই জনাইছে যে পৰবৰ্তী সময়ত এই শুল্কৰ হাৰ আৰু কমাই ১০ শতাংশ কৰা হব পাৰে৷ ইয়াৰ ফলত ফোক্সৱেগন, মাৰ্ছিডিজ বেনজ আৰু বিএমডব্লিউৰ দৰে ইউৰোপীয় সংস্থাৰ বাহনক ভাৰতীয় বজাৰত আৰু সহজলভ্য কৰি তুলিব পাৰে৷
ভাৰতৰ বাণিজ্য মন্ত্রণালয় আৰু ইউৰোপীয় কমিছন উভয়ৰে সৈতেই যোগাযোগৰ চেষ্টা কৰিছে ৰয়টাৰ্ছে৷ কোনো পক্ষই এইবিষয়ে মন্তব্য কৰা নাই৷ ইউৰোপৰ সৈতে এই দ্বিপাক্ষিক বাণিজ্যচুক্তি যে দিল্লীৰ ওচৰত খুবেই গুৰুত্বপূৰ্ণ৷ ইতিমধ্যে সেয়া স্পষ্ট হৈছে বাণিজ্যমন্ত্ৰী পীয়ুষ গোৱেলৰ কথাত৷ এই চুক্তি বাস্তবায়িত হলে ২০০ কোটি মানুহৰ এখন নতুন বজাৰ তৈয়াৰ হব৷ অনুমান কৰা হৈছে যে ইউৰোপৰ সৈতে প্ৰস্তাৱিত চুক্তিৰ মাধ্যমেৰে দ্বিপাক্ষিক বাণিজ্য আৰু বৃদ্ধি পাব৷ ইয়াৰ সৈতে ভাৰতীয় বস্ত্ৰ আৰু গহনাৰ ৰপ্তানিও বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















