আগষ্ট মাহত ওলোটা পথেৰে খোজ দিব গ্ৰহৰাজ বুধে৷ বুধৰ এই বক্ৰী দশা মেষৰ পৰা মীন পৰ্যন্ত সমস্ত ৰাশিৰ জাতকৰ জীৱনলৈ শুভ আৰু অশুভ ফলাফল বিস্তাৰ কৰিব৷ জ্যোতিষ গণনা অনুসৰি ৫আগষ্টত বুধে সিংহ ৰাশিত বক্ৰী হৈছে৷ ২৪ আগষ্টৰ নিশা ২ বাজি ৪৩ মিনিট পৰ্যন্ত বক্ৰী অৱস্থাত থাকিব এই গ্ৰহ৷ বুধৰ এই দশাই কেইটামান ৰাশিৰ জাতকক অসাধাৰণ লাভ দিব৷ কিন্তু কেইটামান ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো অতি প্ৰয়োজন৷ বুধৰ বক্ৰীদশা কোন কোন ৰাশিৰ জাতকৰ বাবে সমস্যা হৈ থিয় দিছে জানি থওক৷
সিংহ ৰাশি
বুধৰ বক্ৰী দশাত সিংহ ৰাশিৰ জাতক সতৰ্ক হৈ থাকক৷ খং নিয়ন্ত্ৰণত ৰাখক এই ৰাশিৰ জাতকে৷ আৰ্থিক জীৱনত কাৰো ওপৰত চকু বন্ধ কৰি বিশ্বাস নকৰিব৷ ভাৱিচিন্তি অৰ্থ সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণ কৰক৷ পাৰিবাৰিক জীৱনত সমস্যাৰ সন্মুখীন হ’ব পাৰে এই ৰাশিৰ জাতক৷ পাৰিবাৰিক কলহ সম্ভৱ৷ অযথা বিবাদত সোমাই নপৰিব৷ বাণী সংযত ৰাখক৷ আইনী গোচৰত অৰ্থ ব্যয় হ’ব পাৰে৷
বৃশ্চিক ৰাশি
বুধৰ বক্ৰীদশাত বৃশ্চিক ৰাশিৰ জাতকে মানসিক কষ্ট পাব পাৰে৷ শান্তিভংগ হ’ব৷ সম্পৰ্কত ধৈৰ্য্য ৰাখক৷ খং নিয়ন্ত্ৰণত ৰাখক৷ খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব৷ জীৱনসংগীৰ সৈতে বিচাৰধাৰাত মতপাৰ্থক্য থাকিব পাৰে৷ দাম্পত্য জীৱনত সমস্যা আহিব পাৰে৷ স্বাস্থ্যৰ কাৰণে চিন্তিত থাকিব৷ কেৰিয়াৰত বাধা উৎপন্ন হ’ব পাৰে৷ বিৰোধী সক্ৰিয় হ’ব৷ জীৱনত সমস্যা বাঢ়িব৷
মকৰ ৰাশি
বুধে ওলোটা পথেৰে গতি কৰাৰ বাবে মকৰ ৰাশিৰ জাতকো নানান সমস্যাৰ সন্মুখীন হ’ব৷ একাগ্ৰতাৰ অভাৱ অনুভূত হ’ব৷ কামত বাধা উৎপন্ন হ’ব৷ মনৰ মাজত অজ্ঞাত ভয়ে দেখা দিব৷ নেতিবাচক চিন্তাভাৱনা আহিব৷ কামৰ বাবে দূৰ ভ্ৰমণ কৰিব পাৰে৷ ভাৱিচিন্তি লগ্নি কৰক৷ আৰ্থিক বিষয়ত কোনো ৰিস্ক নল’ব৷ বন্ধুৰ সৈতে সম্পত্তি সংক্ৰান্তিয় বিবাদ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















