অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰত বুধক গ্ৰহৰ যুৱৰাজ আখ্যা দিয়া হয়। বুদ্ধি, তৰ্ক, গণিত, চাতুৰ্য, ব্যৱসায়ৰ কাৰক গ্ৰহ বুলিও কোৱা হয় বুধক। বুধৰ শুভ প্ৰভাৱত ব্যক্তিৰ ভাগ্যও জাগৃত হয়। বৰ্তমান বুধে মেষ ৰাশিত অস্ত আৰু বক্ৰী অৱস্থাত বিচৰণ কৰি আছে। ৯এপ্ৰিলত বক্ৰী গতিতেই মীন ৰাশিত পুনৰ প্ৰৱেশ কৰিব বুধে। এই দিনটোতেই নক্ষত্ৰ পৰিবৰ্তন কৰিবলৈ আগবাঢ়িছে গ্ৰহৰ যুৱৰাজে।ৰেৱতী নক্ষত্ৰত বুধৰ প্ৰৱেশ হ’ব।
জ্যোতিষ অনুসৰি ৰেৱতী নক্ষত্ৰত বুধ প্ৰৱেশ কৰাৰ ফলত চাৰি ৰাশিৰ ভাগ্যোদয় হ’ব। প্ৰচুৰ ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। বুধৰ ৰেৱতী নক্ষত্ৰৰ গোচৰে কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দৰ জোৱাৰ আনিব?
বৃষ ৰাশি
জ্য়োতিষ অনুসৰি বুধৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে অত্য়ন্ত শুভ ফলদায়ী। ব্য়ৱসায় বিস্তাৰৰ প্ৰৱল সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। অৰ্ত আগমন বৃদ্ধি পাব। পদোন্নতিৰ ওপৰিও আয় বৃদ্ধিৰো প্ৰৱল যোগ আছে। ধন লাভ সম্ভৱ। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হ’ব বুধ ৰাশিৰ জাতকৰ। বুধৰ ৰেৱতী নক্ষত্ৰৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী।
মিথুন ৰাশি
ৰেৱতী নক্ষত্ৰত বুধৰ প্ৰৱেশ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ। ধন লাভৰ প্ৰৱল যোগ তৈয়াৰ হৈছে। আয়ৰ নতুন নতুন উৎস তৈয়াৰ হ’ব। ব্যৱসায়ীসকলৰ বাবেও বুধৰ নক্ষত্ৰ পৰিবৰ্তন শুভ। এই সময়ত কাংশিত মুনাফা অৰ্জন কৰিব পাৰিব। দীৰ্ঘদিন ধৰি কোনো কাম আধৰুৱাকৈ থাকিলে সেই কাম সম্পন্ন হ’ব।
কন্যা ৰাশি
বুধৰ নক্ষত্ৰ পৰিবৰ্তন কন্যা ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়। ধন লাভৰ প্ৰৱল যোগ আছে এই ৰাশিৰ জাতকৰ। বুধৰ আশীৰ্বাদত ব্যৱসায় সম্প্ৰসাৰণ সম্ভৱ। ব্যৱসায়ৰ মাধ্যমেৰে আয় হ’ব। ইয়াৰোপৰি আয় বৃদ্ধিৰ প্ৰৱল যোগ আছে। এই সময়ত কন্যা ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব।
ধনু ৰাশি
জ্যোতিষ গণনা অনুসৰি ৰেৱতী নক্ষত্ৰত বুধৰ প্ৰৱেশে সুখকৰ অনুভূতি প্ৰদান কৰিব। এই সময় আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। যি কামতেই হাত নিদিয়ক কিয় সফল হ’বই। বুধৰ আশীৰ্বাদত পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম, ভালপোৱা আৰু সৌহাৰ্দ্য বাঢ়িব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ