ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল৷
ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল
প্ৰথম স্থানত ৫৯১ নম্বৰেৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অমিশি শইকীয়া
দ্বিতীয় স্থানত ৫৯০ নম্বৰেৰে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ শপ্তৰ্খ বৰদলৈ
তৃতীয় স্থানত ৫৮৯ নম্বৰেৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অনিৰ্বান বৰগোঁহাই
এইবাৰ মুঠ ৪,২২,৭৩৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
ইয়াৰে ২,৭০,৪৭১জন পৰীক্ষাৰ্থী হৈছে উত্তীৰ্ণ।
আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই
প্ৰথম বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ৮৯০৪১ জন।
দ্বিতীয় বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ১৩৫৫৬৮ জন৷
৪৫৮৬২গৰাকী ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবছৰৰ উত্তীৰ্ণৰ হাৰ৬৩.৯৮শতাংশ।
প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১গৰাকী শিক্ষাৰ্থী, ইয়াৰ ভিতৰত ৫,৩৩৬গৰাকীয়ে ডিষ্টংছন লাভ কৰিছে, ১৬,৫১৭গৰাকীয়ে ষ্টাৰ নম্বৰ আৰু ১,৬৮,৩১২গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে।
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৩৫,৫৬৮গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৫,৮৬২গৰাকী।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হাৰত শীৰ্ষ জিলা হৈছে শিৱসাগৰ জিলা৷
জিলাখনত উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ।
উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা।
সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা
ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ ৮১.১০ শতাংশ।
ধেমাজি জিলা উত্তীৰ্ণৰ হাৰৰ তৃতীয় স্থানত আছে।
জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮০.৬৪শতাংশ।
উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন শ্ৰীভূমি জিলা।
জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮০.৬৪শতাংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ