কৰ্মফল আৰু ন্যায়ৰ দেৱতা শনিদেৱ অত্যন্ত নিষ্ঠুৰ৷ কৰ্মফলৰ হিচাপত বা কৰ্মৰ ভিত্তিত তেওঁলোকে ফলপ্ৰদান কৰে৷ সকলোতকৈ ধীৰ গতিসম্পন্ন গ্ৰহ৷ প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰি থাকে এই গ্ৰহই৷ যাৰ অৰ্থ হৈছে প্ৰতি ৩০ বছৰৰ মূৰে মূৰে একেই ৰাশিলৈ উভতি আহে এই গ্ৰহ৷ বিগত ২৯ মাৰ্চ ২০২৪ শনিবাৰে শনিয়ে আঢ়ৈ বছৰৰ মূৰত নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভৰ পৰা বাহিৰলৈ ওলাই মীনত প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত চাৰে সাতিৰ পৰা মুক্তি পাইছে ৩ৰাশিৰ জাতক জাতিকাই৷ কৰ্কট, বৃশ্চিকে মুক্তি পোৱাৰ ওপৰিও মুক্তি পাইছে মকৰ ৰাশিৰ জাতক জাতিকাইয়ো৷ শনিয়ে মীনত প্ৰৱেশ কৰাৰ লগে লগে মীন ৰাশিৰ জাতক জাতিকাই চাৰে সাতিৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে৷ কুম্ভ প্ৰৱেশ কৰিছে চাৰে সাতিৰ তৃতীয় পৰ্যায়ত৷ মেষ ৰাশিৰ জাতক জাতিকাৰ সকলোৱে চাৰে সাতিত প্ৰৱেশ কৰিছে৷ মেষৰ সৈতে চাৰে সাতি আৰম্ভ হৈছে ধনু আৰু সিংহ ৰাশিৰ জাতকৰ ওপৰতো৷
জ্যোতিষ শাস্ত্ৰমতে শনি হৈছে সকলোতকৈ শক্তিশালী গ্ৰহ৷ কুষ্ঠিত শনি মজবুত বা শক্তিশালী থাকিলে ফুটপাথৰ পৰা ৰাজপ্ৰসাদত ভৰি দিব পাৰে জাতক জাতিকাই৷ আৰু কুষ্ঠিত শনি দুৰ্বল বা অশুভ হলে সমগ্ৰ জীৱন ধৰি মূল্য ভৰিব লাগে৷ কুষ্ঠিত শনি মজবুত থাকিলে কেইবাটাও ইংগিত পোৱা সম্ভৱ৷ কুষ্ঠিত শনিৰ অৱস্থান শুভ হলে হঠাৎ হাতলৈ টকা পইছা আহে৷ দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিলে আয়ৰ নতুন নতুন উৎস তৈয়াৰ হব৷
অত্যাধিক ধন হাতলৈ আহিব পাৰে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ যদি কোনো জাতক জাতিকাই লোহাৰ ব্যৱসায় কৰে সেইক্ষেত্ৰত ব্যাপক পৰিমাণে লাভ হব৷ শনিৰ কৃপাত লাভৰ মুখ দেখা পাব৷ শনিৰ কৃপাপাত্ৰ তেওঁলোকেই হয় যিসকল চিধা ৰাস্তাত থাকে৷ বয়স্ক লোকক সেৱা কৰক৷ পৰিশ্ৰম কৰক সফলতা নিশ্চয় পাবই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ