মংগলবাৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ পুত্ৰ নচিকেতাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷
নুনমাতিস্থিত অসম জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা নচিকেতাই এটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত পিতৃ অখিল গগৈ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে৷
পুত্ৰৰ ফলাফল লাভ কৰাৰ পিছতে বিধায়ক অখিল গগৈয়ে এটা ফেচবুক পোষ্টৰ জৰিয়তে নিজৰ সুখ ভগাই লোৱা দেখা গৈছে৷
লগতে পঢ়ক ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ
উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ বাবে অখিল গগৈক চৰকাৰে কাৰাৰুদ্ধ কৰি ৰখাৰ পিছতে মানসিকভাৱে ভাগি পৰা পুত্ৰ নচিকেতাই বিদ্যালয়লৈ যোৱা সম্পূৰ্ণ বন্ধ কৰি দিছিল৷
নৱম আৰু দশম শ্ৰেণীত এটা ক্লাছ খৰা নাছিল নচিকেতাই৷ আনকি, মানসিকভাৱে ভাগি পৰা নচিকেতাই ঘৰতো অধ্যয়ন কৰিবলৈ এৰি দিছিল৷ কিন্তু মাতৃৰ অশেষ চেষ্টা আৰু তত্বাৱধানত অধ্যনয় কৰি নচিকেতাই হাইস্কুল পৰীক্ষাত এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বুলিও পিতৃ অখিল গগৈয়ে প্ৰকাশ কৰিছে৷
‘‘মোৰ বেটাৰ নাম কুটুলু, নচিকেতা। বহু প্ৰত্যাহ্বানৰ অন্তত সি আজি মেট্ৰিক পাছ কৰিলে।বেটালৈ অভিনন্দন জনালো। ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা মই ২০২১ চনৰ ১ জুলাই পৰ্যন্ত “কা”ৰ বিৰোধিতা কৰি প্ৰায় ১ বছৰ ৭ মাহ কাৰাৰুদ্ধ আছিলো। সেই সময়খিনিত মোৰ বেটাই স্কুল যাব পৰা নাছিল। মানসিকভাৱে ভাগি পৰিছিল সি।’’ এইদৰে লিখিছে অখিল গগৈয়ে৷
লগতে পঢ়ক ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…
সেই দুঃসময়ৰ কথা স্মৰণ কৰি বিধায়ক অখিল গগৈয়ে আৰু লিখিছে, ‘‘মই জেইলৰ পৰা ওলোৱাৰ পাছতো সি চৰম হতাশাত কাল কটাবলগীয়া হৈছিল। পৰীক্ষা দিব নে নিদিয়ে সেয়াই হৈ পৰিছিল মূল কথা। অৱশেষত সি পৰীক্ষাটো দিলে। নৱম আৰু দশম শ্ৰেণীত এদিনো ক্লাছ নকৰাকৈ সি পৰীক্ষাটো দিলে। মাকে পঢ়ি দিয়া অংক, বিজ্ঞান আৰু অন্যান্য বিষয়ৰ পাঠ্যক্ৰমত সি অৱশেষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত এটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল।’’
পুত্ৰৰ এই সাফল্যত সন্তুষ্ট বিধায়ক অখিল গগৈয়ে অসম জাতীয় বিদ্যালয় শিক্ষক সমাজ আৰু পৰিচালনা সমিটিক কৰ্তৃজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁৰ লগতে পৰিয়ালৰ সকলো শুভাকাংক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ