অসম লাইভ ২৪ঃ এখন বিশেষ ফটোৱে তোলপাৰ লগাইছে সৰ্বত্ৰ। ফটোখনত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত দেখিবলৈ পোৱা গৈছিল এজন মুছলমান যুৱকক। যুৱকজনে প্ৰধামনন্ত্ৰীক কাণে কাণে কিবা কথা কৈ আছিল। দেখাত তেনেই সাধাৰণ যেন লগা ফটোখনে ভাৰতীয় ৰাজনীতিত সৃষ্টি কৰিছিল চুনামিৰ। আনকি মীমাৰেও অনেক মীম বনাইছিল। দৰাচলতে পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ছোৱাত এখন জনসভাত ভাগ লোৱাৰ পূৰ্বে তাত ৰৈ থকা লোকৰ সৈতে বার্তালাপ কৰিছিল মোদীয়ে। তেতিয়াই বিশেষ মুছলমান যুৱকজনৰ সৈতেও কথা পাতিছিল প্ৰধানমন্ত্ৰীয়ে। আৰু সেই ফটোৱেই পৰৱৰ্তীসময়ত ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। সেই যুৱকজনৰ নাম হৈছে জুল্ফিকাৰ আলী। প্ৰধানমন্ত্ৰীক লগ পোৱাৰ সময়ছোৱাত কেইবাটাও প্ৰশ্ন সুধিছিল যুৱকজনে। খুব কম সময়ৰ বাবে হৈছিল দুয়োজনৰ মাজত এই বার্তালাপ। কিন্তু তাত উপস্থিত সংবাদ মাধ্যমে সেই সময়ছোৱাৰ ফটো তুলি ভাইৰেল কৰিছিল। আৰু ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত বিৰোধীয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল মোদীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ