ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত আমূল পৰিৱৰ্তন সাধিবলৈ ছুপাৰকপ আনন্দ মিশ্ৰ বিজেপিলৈ গমন কৰাটো প্ৰায় ১০০শতাংশ নিশ্চিত হল। সামাজিক আৰু ব্যক্তিগত কামবোৰ স্বাধীনচিতীয়াকৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে প্ৰশাসনিক সেৱাৰ চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিৰ পৰা টিকট লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। পিছে ২০২৪ৰ ১৬জানুৱাৰীত চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই কেতিয়া বিজেপিত যোগদান কৰিব! আনন্দ মিশ্ৰই শেহতীয়াকৈ ব্যক্ত কৰিছে যে, চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছতে পিছৰ কাৰ্যপন্থা গ্ৰহণ কৰা হব।
প্ৰাপ্ত খবৰ অনুসৰি, বহুদিনৰে পৰাই আনন্দ মিশ্ৰই বিজেপিৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগত আছে। দিল্লীত একাধিকবাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে আনন্দ মিশ্ৰ। এসপ্তাহৰ আগতেও দিল্লীত বহুকেইদিন বাহৰ পাতি আছিল আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ নতুন ৰাজনৈতিক যাত্ৰাত সহায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। দুৰ্গা পূজাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি আনন্দ মিশ্ৰই ৰাজনৈতিক যাত্ৰাৰ সন্দৰ্ভত অৱগত কৰিছিল।
আনন্দ মিশ্ৰৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো কৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আনন্দ মিশ্ৰৰ ভাল ফীডবেক আছে বুলি অমিত শ্বাহক জনোৱাৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা আছে বুলিও কৈছিল। আনন্দ মিশ্ৰই বিজেপিৰ গমনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো কথাই প্ৰকাশ কৰা নাই যদিও সাংবাদিকে সোধা প্ৰশ্নত পোনপতীয়াকৈ না বুলিও কোৱা নাই।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ মিশ্ৰক ২০২৪ত বিজেপিৰ পৰা টিকট প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে। বক্সাৰ লোকসভা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলতে আছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চুবে সাংসদ হৈ থকা সমষ্টিটোত ইতিমধ্যে আওপকীয়াকৈ প্ৰচাৰ আৰম্ভ কৰিছে আনন্দ মিশ্ৰই। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল অশ্বিনী চুবে। ১৯৯৬চনৰ পৰা ধাৰাবাহিকভাৱে এই সমষ্টিটোত বিজেপিয়ে দখলত ৰাখিছিল যদিও ২০০৯চনত আৰ জে ডিৰ জগতানন্দ সিং সমষ্টিটোত জয়ী হৈছিল। তাৰ পাছতে পুনৰ দুবাৰকৈ এই সমষ্টিটোত অশ্বিনী চুবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। এই সমষ্টিটোৰ পৰাই ২০২৪ত নিৰ্বাচন খেলাৰ মন মেলিছে আই পি এছ আনন্দ মিশ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ