অসম লাইভ ২৪ঃ কোভিড যোদ্ধাৰ জীৱনবীমা আঁচনি ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ’ প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰই। ২০২১ চনৰ ২৪ মাৰ্চলৈকে আছিল আঁচনিখনৰ ম্যাদ। শেহতীয়াভাৱে আঁচনিখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২০ চনৰ ৩০ মাৰ্চৰ পৰা ৩ মাহৰ বাবে প্ৰথম অৱস্থাত আঁচনিখনৰ সুবিধা প্ৰদান কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ২০২১ চনৰ ২৪ মাৰ্চলৈকে আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, শীঘ্ৰেই প্ৰৱৰ্তন কৰা হ’ব নতুন বীমা আঁচনি। ইতিমধ্যে নতুন বীমা কোম্পানীৰ সৈতে চৰকাৰে আঁচনিৰ কাম আৰম্ভ কৰিছে। উল্লেখ্য, কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’লে ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ’ আঁচনিৰ অধীনত ৫০ লাখ টকা প্ৰদান কৰা হয় একোজন কোভিডযোদ্ধালৈ। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ তথ্য অনুসৰি, বিগত সময়ছোৱাত কোভিডত আক্ৰান্ত হৈ ৭৩৬ গৰাকী চিকিৎসকৰ মৃত্যু হয়। কিন্তু কেৱল ২৮৭ গৰাকী চিকিৎসকেহে লাভ এই জীৱনবীমা আঁচনিৰ ধন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ