অসম লাইভ২৪ঃ কাইলৈ ২ অক্টোবৰ ২০২৩ৰ সোমবাৰে চন্দ্ৰই মেষ ৰাশিত প্ৰৱেশ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আহিন মাহৰ কৃষ্ণপক্ষৰ তৃতীয় দিনত দুটাকৈ বিশেষ যোগ তৈয়াৰ হ’ব। এই দুই যোগ হৈছে হৰ্শনা যোগ আৰু বজ্ৰ যোগ। ইয়াৰোপৰি এই সময়তেই শুক্ৰই কাল সিংহৰাশিত গোচৰ কৰিব। প্ৰথমে থাকিব ভৰণী নক্ষত্ৰ আৰু তাৰ পাছতেই কৃত্তিকা নক্ষত্ৰ। সোমবাৰে বজ্ৰ যোগত মহাদেৱৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ।
মেষ ৰাশি
যিসমূহ বিষয়ক লৈ দীৰ্ঘদিন ধৰি সমস্যাৰ উদ্ভৱ হৈ আছিল, আপুনি নিজৰ বুদ্ধিৰ বলত সকলোবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ৰ কাৰণে সোমবাৰে দূৰ ভ্ৰমণ কৰাৰ সুযোগ আহিব মেষ ৰাশিৰ জাতকলৈ। এই সময়ত আপোনাৰ যিকোনো কামতেই লাভ হ’ব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। মাৰ্কেটিঙৰ সৈতে যুক্ত ব্যক্তিয়ে নতুন সুযোগ লাভ কৰিব। মেষ ৰাশিৰ জাতকসকল আৰ্থিকভাৱে শক্তিশালী হ’ব।
কৰ্কট ৰাশি
আপুনি যদি ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰি থৈছে তেন্তে মহাদেৱৰ কৃপাত ভাল ৰিটাৰ্ণ লাভ কৰিব। অতিৰিক্ত আৰ্থিক লাভালাভ থাকিব। মানসিকভাৱে সুখী হৈ থাকিব কৰ্কট ৰাশিৰ জাতকসকলে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব। সন্তানৰ পৰাও ভাল খবৰ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকসকলে।
তুলা ৰাশি
মহাদেৱৰ আশীৰ্বাদত সোমবাৰে ব্যৱয়াসত উল্লেখযোগ্য লাভ অৰ্জন কৰিব তুলা ৰাশিৰ জাতকে। মনৰ সুখ আৰু শান্তি থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ শুনিলে আপোনাৰ ৰৈ যোৱা কোনো কামত সফলতা আহিব। সোমবাৰে নিশা পৰিয়ালৰ সৈতে খুব ভাল সময় কটাব।
ধনু ৰাশি
আপোনাৰ সংসাৰত দীৰ্ঘদিন ধৰি কোনো অশান্তিৰ পৰিবেশ থাকিলে সমাধান হ’ব। বজ্ৰ যোগৰ প্রভাৱত শুভ সময় কটাব এই ৰাশিৰ জাতকে। পৰিয়ালৰ কোনো প্ৰবীণ সদস্যই এই বিষয়ত আপোনাক সহায় কৰিব। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব। পুৰণা বন্ধুৰ সৈতে দেখা হ’ব।
মকৰ ৰাশি
শিক্ষাক্ষেত্ৰত আগন্তুক সময়ত সফলতা লাভ কৰিব মকৰ ৰাশিৰ জাতকে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ যোগ। ব্যৱসায়ীসকলৰ আয় বাঢ়িব। নিজৰ এলেহুৱা ভাৱ ত্যাগ নকৰিলে আগন্তুক সময়ত হাতলৈ অহা ডাঙৰ সুযোগ হেৰুওৱাব।
লেটেষ্ট খবৰ, ভিডিঅ’ সবিশেষ তথ্য লাভ কৰিবৰ বাবে Follow কৰক আমাৰ ডিজিটেল whatsapp চেনেল। ক্লিক কৰক https://whatsapp.com/channel/0029VaARwBWLdQeV6sgVPB3Y
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ