অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ এটা শেহতীয়া ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। হনুমান ভক্তৰ হিংস্ৰৰূপে এতিয়া চিন্তিত কৰি তুলিছে মহাৰাষ্ট্ৰৰ বীড জিলাৰ লোকসকলক। এটি বান্দৰ পোৱালীৰ মৃত্যুৰ ঘটনাক লৈয়ে প্ৰতিশোধ পৰায়ন ভাৱ লৈ বৃহৎ এটি বান্দৰৰ জাকে এটা এটাকৈ হত্যা কৰিছে ২৫০ টাকৈ কুকুৰ। বিগত মাহৰ পৰা ক্ৰমাগতভাৱে কুকুৰ হত্যা কৰি আহিছে বান্দৰৰ জাকটোৱে। ঘটনা সন্দৰ্ভত ইতিমধ্যে গাঁওবাসীয়ে স্থানীয় বন বিভাগক অৱগত কৰাৰ উপৰি বান্দৰৰ জাকটোক পিঞ্জৰাবদ্ধ কৰিবলৈও আহ্বান জনাইছে লোকসকলে। কিন্তু বৰ্তমানলৈকে এটাও বান্দৰ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বনবিভাগে। কিন্তু বান্দৰৰ জাকটোৰ এই হিংস্ৰৰূপে স্বাভাৱিকতেই চিন্তাত পেলাইছে লোকসকলক। উল্লেখ্য, ছেপ্তেম্বৰ মাহত অনুৰূপ ঘটনা সংঘটিত হৈছিল কৰ্ণাটকত। কাট্টিগেৰা জিলাৰ চিক্কামাগালাৰ অঞ্চলৰ নিকটৱৰ্তী অঞ্চলত মানুহৰ ওপৰত প্ৰতিশোধ ল’ব বাবে ২২ কিমি পথত অৱৰোধ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ