প্ৰেমিকৰ সৈতে পলায়ন কৰিবলৈ এক জঘন্য কাণ্ড সংঘটিত কৰিলে এগৰাকী মাতৃয়ে৷ ২৭ বছৰীয়া এগৰাকী মাতৃয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিবলৈ নিজৰ ছমহীয়া কেঁচুৱাক নলাত পেলাই হত্যা কৰিছে৷
উত্তৰ প্ৰদেশত এই জঘন্য তথা নাৰকীয় কাণ্ডটো সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ বিজনোৰ মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰি দুজন অচিনাক্ত লোকে বাইকত আহি তেওঁৰ শিশুটিক অপহৰণ কৰে বুলি প্ৰকাশ কৰে৷ কিন্তু আৰক্ষীয়ে চিচিটিভি টিভিৰ ফুটেজ পৰীক্ষা কৰাৰ সময়তহে মহিলাগৰাকীৰ কাণ্ড পোহৰলৈ আহে৷ চিচিটিভি ফুটেজ লাভ কৰাৰ পাছতে আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা কৰে৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে ছৌদি আৰৱত থাকে৷ ছমাহ পূৰ্বে মহিলাগৰাকীয়ে এটা সন্তান জন্ম দিছিল৷
লগতে পঢ়ক ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ
শেহতীয়াকৈ মহিলাগৰাকীয়ে এজন স্থানীয় যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খায়৷ ইয়াৰ পাছতে মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিবলৈ পৰিকল্পনা কৰি নিজ ছমহীয়া সন্তানক হত্যা কৰে৷
অৱশ্যে আৰক্ষীৰ তদন্তত ফাদিল হৈছে নিজ ছমীয়া সন্তানক মহিলাগৰাকীয়ে নিজে হত্যা কৰা নাছিল৷ এগৰাকী নবছৰীয়া শিশুৰ হাতেৰে এই কাণ্ড সংঘটিত কৰোৱায়৷ নবছৰীয়া কন্যা শিশুটিয়ে মহিলাগৰাকীৰ নিৰ্দেশ মৰ্মে ছমহীয়া সন্তানটিক নৰ্দমাত পেলাই থৈ আহে৷
ইয়াৰ পাছতে মহিলাগৰাকীয়ে পৰিয়ালৰ লগতে স্থানীয় লোকক কয় যে দুজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে বাইকত আহি তেওঁৰ সন্তানটোক কাঢ়ি লৈ যায়৷ কিন্তু আৰক্ষীয়ে মহিলাগৰাকীৰ কথা পতিয়ন যোৱাৰ বিপৰীতে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহে৷
ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীৰ প্ৰেমিকজন এতিয়াও পলাতক হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ