কোৱা হয় যে এই মানুহৰ জীৱনত মাতৃ-সন্তানৰৰ সম্পৰ্কতকৈ ডাঙৰ সম্পৰ্ক নাই। লগতে এইটো কোৱা হয় যে মাতৃ-সন্তানৰ সম্পৰ্ক অতি পৱিত্ৰ আৰু মধুৰ৷ এই সম্পৰ্কৰ সন্মুখত বাকী সকলো সম্পৰ্ক ম্লান পৰে বুলিও কোৱা হয়। এগৰাকী মাতৃয়ে সন্তানক কিমান ভাল পাব পাৰে আন কোনেও এই সম্পৰ্কৰ গাঢ়তাক কল্পনা কৰিব নোৱাৰে!
কিন্তু মাতৃ-সন্তানৰ এই সম্পৰ্কক কলংকিত কৰিলে এগৰাকী মাতৃয়ে৷ ইতিমধ্যে এই বাতৰিয়ে বিশ্ব সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে৷
প্ৰকাশিত বাতৰিৰ মতে শেহতীয়াকৈ ৰাছিয়াৰ এনে এটা ঘটনা পোহৰলৈ আহিছে যিয়ে মাতৃ আৰু সন্তানৰ পবিত্ৰ সম্পৰ্কক কলংকিত কৰিছে। প্ৰকাশিত খবৰ মতে মাতৃয়ে নিজৰ চখ পূৰণৰ বাবে সেই নিৰীহ শিশুটিক আন কাৰোবাক বিক্ৰী কৰিছিল। এগৰাকী ৰাছিয়ান মাতৃয়ে নিজৰ ৫ দিনীয়া নৱজাতক সন্তানক কেৱল নিজকে ৰূপৱতী কৰিবলৈ বিক্ৰী কৰিছিল।
লগতে পঢ়ক সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?
মাতৃগৰাকীয়ে ৫ দিনীয়া নৱজাতকটিক বিক্ৰী কৰি পোৱা ধনেৰে সেই টকাৰে নিজৰ কুৎসিত নাকৰ অস্ত্ৰোপচাৰ সুগঠিত কৰিবলৈ পাং পাতিছিল।
এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে মাতৃগৰাকীক মানৱ সৰবৰাহৰ অপৰাধত দক্ষিণ ৰাছিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ উত্থাপন হৈছে যে তাই নিজৰ সন্তানক বিক্ৰী কৰি নিজৰ সৌন্দৰ্য বৰ্ধন কৰিব বিচাৰিছিল। অৱশ্যে আৰক্ষীয়ে অভিযুক্ত মাতৃগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাই৷
দক্ষিণ ৰাছিয়াৰ দাগেস্তান অঞ্চলৰ এই ঘটনাটো স্থানীয় সংবাদ মাধ্যমে উদঙাই দি কয় যে মহিলাগৰাকীয়ে নিজৰ সন্তানক ৩০০০ পাউণ্ডতকৈ অধিক অৰ্থাৎ ২ লাখ ৮৩ হাজাৰ টকাত বিক্ৰী কৰিছিল। অৱশ্যে তেওঁক এই ধন ৰাশি সম্পূৰ্ণৰূপে দিয়া হোৱা নাছিল, কিস্তি হিচাপে দিবলৈ বন্দৱস্ত কৰা এই ধনৰাশিৰ পৰা মহিলাগৰাকীক এটা কিস্তিত ২৫ হাজাৰ টকা আদায় দিয়া হৈছিল।
লগতে পঢ়ক ৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল
আনহাতে তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সেই শিশুটি ক্ৰয় কৰি নিয়াৰ পিছতে লগে লগে অসুস্থ হৈ পৰিছিল। চিকিৎসাৰ বাবে শিশুটিৰ চিকিৎসালয়ত মেডিকেল ৰিপৰ্ট বিচাৰোতে ঘটনাটো পোহৰলৈ আহে৷ অৰ্থাৎ ক্ৰেতাসকলে শিশুটি আৰু মাতৃৰ সঠিক মেডিকেল ৰিপৰ্ট দিবলৈ ব্যৰ্থ হয়৷
ইফালে অহা মাহত অভিযুক্ত মাতৃগৰাকীক ১৩৭০ পাউণ্ড অৰ্থাৎ ১ লাখ ২৯ হাজাৰ টকাৰ বন্দবস্তি আছিল৷ শিশুটিক ক্ৰয় কৰা দম্পতীক আৰক্ষীয়ে আটক কৰাৰ পিছতে এই সকলো কথা তেওঁলোকে আৰক্ষীৰ আগত প্ৰকাশ কৰে।
লগতে পঢ়ক ছাত্ৰীক বিনামূলীয়া টিউচন, মাতৃৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক! নিলম্বন হ’ল কোন শিক্ষক?
নিউজ ফ্লেছৰ প্ৰতিবেদন অনুসৰি ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিয়ে এক বিবৃতিত কয় যে অভিযুক্ত মাতৃগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।
তদন্ত অনুসৰি ২০২২ চনৰ ২৫ এপ্ৰিলত মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিছিল আৰু ৩০ এপ্ৰিলত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। এই সময়ত তেওঁ সন্তানক বিক্ৰী কৰি প্ৰথম কিস্তি টকা লৈছিল। বাকী কিস্তিখিনি পিছত তেওঁক দিয়াৰ কথা আছিল যদিও থাৰ আগতে মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ