চেন্নাই ছুপাৰ কিংছৰ জাৰ্ছিত প্লেয়াৰ হিচাপে মহেন্দ্ৰ সিং ধোনীক দেখা যাব নে নাযায় সেয়া নিশ্চিত নহয়৷ ২০২৫ চনৰ আইপিএলৰ পূৰ্বে ধোনীয়ে এতিয়াও নিশ্চিত কৰা নাই তেওঁ এইবাৰ আইপিএল খেলিবনে? CSK আনকেপড প্লেয়াৰক ঘৰি ৰখাৰ নিয়ম ব্যৱহাৰ কৰিবনে সেয়াও নিশ্চিত নহয়৷ এই পৰিস্থিতিত CSKয়ে ধৰি ৰখা চূড়ান্ত প্লেয়াৰ কোন কোন হ’ব সেয়াও এক প্ৰশ্ন হৈ পৰিছে৷ চেন্নাইৰ সমৰ্থকসকলৰ প্ৰিয় খেলুৱৈ ধোনীক লৈ এতিয়া উদগ্ৰীব বহু ক্ৰিকেটপ্ৰেমী৷ সকলোকে এটাই প্ৰশ্ন তেওঁ থাকিবনে? নতুন নিয়ম অনুযায়ী প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে সৰ্বাধিক ৬জন প্লেয়াৰক ধৰি ৰাখিব পাৰিব৷ বিদেশী বা ভাৰতীয় প্লেয়াৰৰ সংখ্যাৰ কোনো নিৰ্দিষ্ট লিমিট অৱশ্যে নাই৷ আনকেপড প্লেয়াৰৰ ক্ষেত্ৰত সৰ্বাধিক ২জন প্লেয়াৰ ৰাখিব পাৰিব প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে৷ সেই ক্ষেত্ৰত ধোনী এজন আনকেপড প্লেয়াৰ হিচাপে থাকিব৷
জানি থওক CSKৰ সাম্ভাব্য তালিকা
ঋতুৰাজ গায়কোয়াড, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, ৰাচিন ৰবীন্দ্ৰা, মথিছা পাথিৰানা, দীপক চাহাৰ৷ ধোনীৰ পাছত অধিনায়ক হৈছিল ৰবীন্দ্ৰ জাডেজা৷ কিন্তু তেওঁ দলটোক সুচাৰুৰূপে চলোৱাত ব্যৰ্থ হয়৷ অধিনায়কৰ দিশটোক যদি বাদ দি চোৱা হয় তেন্তে জাদেজা দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য৷ তেওঁ টি-২০ এৰিলেও তেওঁৰ ষ্টাইল টি-২০ৰ দৰেই৷ তেওঁক এৰাৰ কথা সেয়ে দলে ভাৱিবই নোৱাৰে৷
শিৱম ডুবেই এজন ফিনিছাৰ হিচাপে বিগত বছৰ দলক বহু জয়ৰ সোৱাদ দিছে৷ তেওঁৰ বলিঙো যথেষ্ট উন্নত৷ ফলত IPLৰ টুৰ্নামেণ্টত তেওঁ অতি গুৰুত্বপূৰ্ণ খেলুৱৈ৷ ৰাচিন ৰবীন্দ্ৰৰ ক্ষেত্ৰতো একেই ছবি৷ তেওঁৰ ভাল অপেনাৰ৷ পাথিৰানাক বিগত কেইবাবছৰ ধৰি নিজেই গঢ় দি লৈছে মহেন্দ্ৰ সিং ধোনীয়ে৷ ফলত এই শ্ৰীলংকান পেছাৰকো বাদ দিব নোৱাৰি৷ দীপক চাহাৰৰ ক্ষেত্ৰতো ছবি একেইটাই৷ যদি ধোনীয়ে শেষ পৰ্যন্ত ২০২৫ চনৰ আইপিএল খেলে তেন্তে দীপক চাহাৰ বাদ পৰিবলগা হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ