প্ৰেমৰ অসীম শক্তিৰ আগত যেন পৰাভূত হ’ল ধৰ্মৰ প্ৰাচীৰ! তেনে এক বাৰ্তাকে কঢ়িয়াই এটা হিন্দু মন্দিৰত এগৰাকী মুছলমান যুৱতীয়ে এক হিন্দু যুৱকক বিয়া কৰায়৷ ইমানেই নহয়, মন্দিৰতে হিন্দু যুৱকজনে দিয়া সেন্দূৰো নিজ কপালৰ শিৰত গ্ৰহণ কৰে মুছলমান যুৱতীগৰাকীয়ে৷
এই আশাপ্ৰদ বিবাহখন সম্পন্ন হৈছে আজমগড়ত৷ প্ৰকাশিত বাতৰিৰ মতে আজমগড়ৰ অট্ৰৌলিয়াৰ এটা হিন্দু মন্দিৰত এই বিবাহখন সম্পন্ন হয়৷ দৰা-কইনাহালে মন্দিৰটো সাত পাক প্ৰদক্ষিণ কৰি পৱিত্ৰ বিবাহ বান্ধোনত আৱদ্ধ হয়৷
উল্লেখ্য যে খানপুৰ ফতেহৰ বাসিন্দা জোখুৰ পুত্ৰৰ সূৰজ আৰু হায়দৰপুৰ খাছ গাঁৱৰ মুছলমান যুৱতী মমিন খাতুনৰ মাজত যোৱা দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল৷ দুয়োৰে মাজত প্ৰেমে গাঢ়তৰ হৈ উঠাত বিবাহৰ বাবে মন বান্ধিলেও ভিন্ন ধৰ্মী হোৱাৰ বাবে প্ৰথমে সাহস কৰিব পৰা নাছিল৷
লগতে পঢ়ক মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা
মনত কিছু শংকা থাকিলেও সূৰজে প্ৰেমৰ কথা নিজৰ পৰিয়ালৰ লোকক অৱগত কৰে৷ তেওঁৰ পৰিয়ালে তেওঁলোকৰ প্ৰেমক স্বীকাৰ কৰি লোৱাৰ লগতে বিবাহখন সম্পন্ন কৰিবলৈ দুয়োটা পৰিয়ালে আলোচনাও আৰম্ভ কৰে৷
দুয়োটা পৰিয়ালে আলোচনা কৰি সিদ্ধান্ত কৰে যে বিবাহখন হিন্দু ধৰ্মীয় ৰীতিৰে মন্দিৰতে সম্পন্ন কৰা হ’ব৷ সেই আলোচনাৰ মৰ্মে যোৱা বৃহস্পতিবাৰে দুয়োটা পৰিয়ালৰ সন্মতি আৰু উপস্থিতিত সাম্মো মাতা মন্দিৰত হিন্দু ধৰ্মীয় ৰীতিৰে তেওঁলোকৰ বিবাহখন সম্পন্ন হয়৷
অৱশ্যে বিবাহৰ কাৰ্য কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰি আৰক্ষীয়ে দৰাৰ ঘৰত উপস্থিত হয়৷ আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণ নিৰাপত্তা দিয়াৰ আশ্বাস প্ৰদান কৰে৷
লগতে পঢ়ক সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত
ইফালে বিবাহ সম্পন্ন হোৱাৰ পিছতে দৰা সূৰজ আৰু কইনা মমিন অতি সুখী হৈ উঠিছে৷ তেওঁলোকে কয় ২ বছৰৰ প্ৰেমৰ অন্তত তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ সন্মিতক্ৰমে বিবাহপাশত আৱদ্ধ হৈছে৷
দৰা আৰু কইনা দুয়োৱে কয় যে তেওঁলোকৰ বিবাহৰ বাবে দুয়োটা পৰিয়ালৰ সদস্যই দৰা বা কইনা কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিল৷ বৰং তেওঁলোকৰ আহ্বানতহে দুয়োটা পৰিয়ালে বিবাহৰ বাবে সাজু হোৱা বুলিও সূৰজ আৰু মমিনে প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ