হিজাব বিতৰ্কই প্ৰতি মুহূৰ্ততে নতুন নতুন ৰং ৰূপ লোৱা দেখা গৈছে৷
এইবাৰ হিজাবৰ সমৰ্থনত ৰাজপথত হিজাব পিন্ধি মুছলমান যুৱতীয়ে বাইক চলাই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে৷
মধ্যপ্ৰদেশৰ ভূপাল চহৰৰ ভিআইপি ৰোডত মুছলমান যুৱতীয়ে হিজাব পৰিধান কৰি বাইক চলাই হিজাবৰ সমৰ্থন কৰা দেখা গৈছে৷ ইতিমধ্যে এই ভিডিঅ’ চ’ছিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে৷
ভিডিঅ’টোত দেখা গৈছে যে দুগৰাকী যুৱতীৰ এগৰাকীয়ে এখন ৰয়েল ইনফিল্ড আৰু আনগৰাকীয়ে এখন স্প’ৰ্ট বাইক চলাই আছে আৰু তেওঁলোকৰ পিছত হিজাব পৰিহিতা একোগৰাকীকৈ যুৱতী বহি থকা গৈছে৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কেৱল এইটো ভিডিঅ’ৱে নহয়, তেনে কে’বাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
অৱশ্যে ইয়াৰে কিছু ভিডিঅ’ পূৰ্বেও ভাইৰেল হৈছিল৷ কিন্তু এতিয়া হিজাব বিতৰ্কই দেশ উত্তাল কৰি তোলাৰ সময়তে পুনৰ এই ভিডিঅ’সমূহ ভাইৰেল কৰা হৈছে৷
হিজাবৰ সমৰ্থনত সামাজিক মাধ্যমত ভিডিঅ’সমূহ ভাইৰেল হ’লেও এতিয়ালৈকে আৰক্ষীয়ে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ