অসম লাইভ২৪ঃ নাৰেংগীত শোকাৱহ দুৰ্ঘটনা৷ ৰে’লৰ তলত সোমাই মৃত্যুক সাবটিলে নগাওঁৰ এগৰাকী অধ্যাপিকাই৷ গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ড° সংজিতা সিংহই।
ৰে’লেৰে গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা-যোৱা কৰা অধ্যাপিকাগৰাকীয়ে বৃহস্পতিবাৰেও মহাবিদ্যালয়খনৰ পৰা গুৱাহাটীলৈ উভতি গৈছিল। পিছে নাৰেংগী ৰে’ল ষ্টেচনত ৰে’লৰ পৰা নমাৰ সময়তেই দুৰ্ভাগ্যজনকভাৱে ৰে’লৰ তলত তেওঁৰ ভৰি সোমাই যায়। ইয়াৰ পিছতেই শোকাৱহভাৱে মৃত্যুক সাৱটি লয় শিক্ষয়িত্ৰীগৰাকীয়ে। মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰীসকলৰ মাজত অতিকৈ জনপ্ৰিয় অধ্যাপিকাগৰাকীৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ পৰিছে। প্ৰয়াত ড° সংজিতা সিংহই তেওঁৰ স্বামীৰ লগতে পুত্ৰ-কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ