অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ ৰ ঐতিহাসিক সাফল্যৰ পাছতেই কৃতিত্বক লৈ ৰাজনৈতিক টানাটানি চলি আছে৷ কংগ্ৰেছে এই সাফল্যৰ কৃতীত্ব দিছে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক৷ কংগ্ৰেছৰ দাবী দেশৰ প্রথম প্ৰধানমন্ত্ৰী আছিল বিজ্ঞানমনস্ক৷ বৈজ্ঞানিক গৱেষণাত ভাৰতক আগুৱাই নিয়াত জৱাহৰলাল নেহৰুৰ ভুমিকা অপৰিহীম৷ আনহাতে চন্দ্ৰযান-৩ৰ সাফল্যৰ ক্ৰেডিট দিয়া হৈছে নৰেন্দ্ৰ মোদীক৷ বিজেপি দলে প্রধানমন্ত্ৰী মোদীৰ বাবেই চন্দ্ৰযান-৩ সফল হোৱা বুলি মন্তব্য কৰিছে৷
কোনগৰাকী প্ৰধানমন্ত্ৰীৰ চন্দ্ৰমিছনত ভুমিকা বেছি সেই সন্দৰ্ভত এবিপি চি ভোটাৰে এক সমীক্ষা চলাইছিল৷ ইছৰোৰ এই ঐতিহাসিক সাফল্যৰ কৃতিত্ব কাক দিয়া উচিত? জৱাহৰলাল নেহৰু নে প্ৰধানমন্ত্ৰী মোদীক? এই প্ৰশ্নই কৰা হৈছে সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায়সংখ্যক ব্যক্তিক৷ স্বাভাৱিকভাৱে এনডিএৰ সমৰ্থকসকলে চন্দ্ৰযান-৩ৰ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ক্ৰেডিট দিছে৷ বিজ্ঞানৰ অগ্ৰগতিত তেওঁৰ ভুমিকা অপৰিহীম বুলি জনাইছে এনডিএ সমৰ্থক ভোটাৰে৷ ৩৫.৫ শতাংশ এন ডি এ সমৰ্থকসকলৰ মতে এই সাফল্যৰ কৃতিত্বৰ অধিকাৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৫.৮ শতাংশ লোকেহে এই সফলতাৰ বাবে জৱাহৰলাল নেহৰুক ক্ৰেডিট দিছে৷ ৩.৯ শতাংশই অৱশ্যে কোনো ৰায় দিয়া নাই৷ ৫৩.৯ শতাংশই এই সফলতাৰ বাবে বিজ্ঞানীক কৃতিত্ব দিছে৷ ১.৩ শতাংশই এই বিষয়টো সম্পৰ্কে জ্ঞাত নহয়৷
আনহাতে বিৰোধী সমৰ্থকসকলৰ মাজত ২১.৯ শতাংশই চন্দ্ৰযান ৩ ৰ সফলতাৰ বাবে মোদীৰ কৃতিত্ব স্বীকাৰ কৰিছে৷ ১০.৫ শতাংশৰ ধাৰণা যে এই সাফল্যৰ ক্ৰেডিট দেশৰ প্রথমগৰাকী প্ৰধানমন্ত্ৰীৰ৷ ৫.৫ শতাংশই বিশ্বাস কৰে যে দুইগৰাকী নেতাই ইয়াৰ বাবে সমান প্ৰশংসাৰ অধিকাৰী৷ ৬০.৩ শতাংশৰ ধাৰণা যে ইছৰোৰ বিজ্ঞানীসকলে এই সাফল্যৰ অধিকাৰী৷ তেওঁলোকৰ বাবেই চন্দ্ৰযান-৩ সফল হৈছে৷
ইয়াৰোপৰি এবিপি চি ভোটাৰে সমীক্ষা চলাইছিল যে চন্দ্ৰযান-৩ ক লৈ ৰাজনৈতিক মুনাফা আদায় কৰাটো কিমানদূৰ গ্ৰহণযোগ্য? এই প্ৰশ্নৰ উত্তৰত NDAৰ সমৰ্থকসকলৰ ৫৪.১ শতাংশই কয় যে এয়া উচিত নহয়৷ ২৯.৫ শতাংশৰ ধাৰণা যে এই সাফল্যৰ বাবে কাৰোবাক ক্ৰেডিট দিয়াৰ এয়া সময় নহয়৷ ১৬.৮ শতাংশই এই সন্দৰ্ভত মন্তব্য কৰিবলৈ ৰাজী নহয়৷
বিৰোধী পক্ষৰ সমৰ্থকৰ মাজত ৫৯.৮ শতাংশৰ এই সফলতাৰ বাবে বিজ্ঞানীকেই কৃতিত্ব আগবঢ়াইছে৷ ২১.৫ শতাংশৰ বিশ্বাস যে এই সফলতাৰ অধিকাৰী কেৱল বিজ্ঞানীয়েই৷ ১৮. ৭ শতাংশই এই বিষয়ত কোনো মতামত দিয়া নাই৷ বিগত ২৩ আগষ্টত মহাকাশ গৱেষণাত ইতিহাস ৰচিছে ভাৰতে৷ প্ৰথম কোনো দেশ হিচাপে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি থৈছে ভাৰতে৷ এই সফলতাক লৈ দেশবাসীৰ লগতে প্রধানমন্ত্ৰী মোদীও উচ্ছ্বাসিত৷ তেওঁ মুন লেণ্ডিং পয়েণ্টৰ নাম শিৱশক্তি পয়েণ্ট ৰাখি আকৌ এবাৰ চৰ্চাত আছে প্ৰধানমন্ত্ৰী মোদী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ