নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ৷ নিৰ্বাচনত বিজেপিয়ে আশা কৰাধৰণে ফল লাভ নকৰিলেও এন়ডিএ জোঁটেই আকৌ এবাৰ চৰকাৰ গঠনৰ দিশেৰে আগবঢ়াৰ সময়তে নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিয়ে পদত্যাগ পত্ৰ৷ নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক লগ কৰি দাখিল কৰে পদত্যাগ পত্ৰ৷ ৰাষ্ট্ৰপতি মুৰ্মূৱে তেওঁৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰি নতুন চৰকাৰ গঠনৰ বাবে শুভেচ্ছাও জ্ঞাপন কৰে৷
উল্লেখ্য যে আগন্তুক ৮ জুলাইত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে৷ জৱাহৰলাল নেহৰুৰ পাছত মোদীয়েই একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে লেথাৰিকৈ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ আসনত বহিব৷ ৮ জুনৰ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ