প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে বিশেষ উপহাৰ আগবঢ়াব৷ হোলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীয়ে এই সুখবৰ লাভ কৰিব বুলি জানিব পৰা গৈছে৷
সূত্ৰৰ মতে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মহাৰ্ঘ ভাট্টা(Dearness Allowance) বৃদ্ধি কৰা চিন্তা চৰ্চা কৰিছে৷ যদি মোদী চৰকাৰে এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও বিশেষভাৱে লাভান্বিত হ’ব৷
সূত্ৰৰটোৰ মতে শেহতীয়াকৈ দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ সৈকে মোকাবিলা কৰাত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক মোদী চৰকাৰে এই মহাৰ্ঘ ভাট্টাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চিন্তা চৰ্চা কৰিছে৷
লগতে পঢ়ক ঘৰত বলপূৰ্বক প্ৰৱেশেৰে সহায়িকাক ধৰ্ষণ প্ৰধান শিক্ষকৰ, আত্মহনন সহায়িকাৰ
সূত্ৰৰ মতে কেন্দ্ৰীয় কেবিনেটে অতি শীঘ্ৰেই এই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি অহা এই ভাট্টাৰ পৰিমাণ হৈছে ৩১ শতাংশ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পৰিমাণ ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ যদি ইয়াৰ পৰিমাণ ৩ শতাংশ বৃদ্ধি কৰা হয় তেতিয়া ইয়াৰ পৰিমাণ ৩৪ শতাংশ হ’ব৷
উল্লেখ্য যে কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত মুদ্ৰাস্ফীতিয়ে পেলোৱা প্ৰভাৱৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে মহাৰ্ঘ ভাট্টা প্ৰদান কৰে৷ ই কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ দুয়োৰে ক্ষেত্ৰতে প্ৰযোজ্য হয়৷
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ৪৮ লাখ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰ আছে। যোৱা বছৰ অক্টোবৰৰ শেষত মহাৰ্ঘ ভাট্টা ২৮ শতাংশৰ পৰা বৃদ্ধি কৰি ৩১ শতাংশ কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















