অসম লাইভ ২৪ঃ আপুনি চিনেমা নিশ্চয় চায়, নহয় নে? যদি চিনেমা চায় তেন্তে হলীউডৰ চিনেমাতো আপুনি নিশ্চয়কৈ চায়েই। যদি হলীউডৰ চিনেমা চাই তেন্তে কল্পবিজ্ঞানৰ চিনেমাও আপুনি চাইছে। কল্পবিজ্ঞানৰ চিনেমাত আপুনি হয়টো বহুবাৰ দেখিছে Time machine কাহিনীৰ চিনেমা।
যি টাইম মেচিনৰ সহায়তে চিনেমাৰ চৰিত্ৰসমূহে বতৰ্মানৰ পৰা বহু শতিকা বছৰ পিছলৈ বা বহুশতিকা বছৰ আগলৈ গমন কৰে কিছু বিশেষ তথ্য বিচাৰি। এনেসমূহ চিনেমা দেখি আমি সদায়ে ভাৱনাৰ পৃথিৱীত বুৰ যাওঁ যে সঁচাকৈ যদি আমাৰ ওচৰতো এটা টাইম মেছিম থাকিলহেতেন তেন্তে আমিও আমাৰ পূৰ্বপুৰুষৰ পৃথিৱীখনলৈ নতুবা ভবিষ্যতৰ পৃথিৱীখনলৈ গতি কৰিলোহেতেন ।
য’ত আমাৰ ভৱিষ্যত বা অতীতৰ সম্পৰ্কে আমি জানিবলৈ সদায়ে ইচ্ছুক। কিন্তু বাস্তৱক স্বীকাৰ কৰি আমি সদায়ে মানি লওঁ যে এনে মেছিন সৃষ্টি কৰাতো অসম্ভৱ বা অমূলক। পিছে এই অসম্ভৱক সম্ভৱ কৰিলে আমেৰিকাৰ নাছাৰ বিজ্ঞানী সমাজে। শেহতীয়া পৰ্যায়ত নাছাই অশেষ কষ্টৰ মূৰত নিৰ্মাণ কৰি উলিৱালে সেই বিশেষ টাইম মেচিন।
আৰু এই টাইম মেচিন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা নাচাই ৰাজহুৱাকৈ স্পষ্ট কৰে ১৮ ডিচেম্বৰ তাৰিখে। নাচাৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা এই টাইম মেচিনটোৰ নাম দিছে ‘JWST’ অথাৎ ইয়াৰ সম্পূৰ্ণ নাম James Webb Space Telescope।
অধিক পঢ়কঃ Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
নাচাই আৱিষ্কাৰ কৰা এই টাইম মেচিনৰ মূল উদ্দেশ্য হৈছে ১৩শ মিলিয়ন বছৰৰ পূৰ্বে অথাৎ “Big Bang” (মহাবিষ্ফোৰণ)ৰ পূৰ্বে পৃথিৱীৰ অৱস্থা
কি আছিল আৰু পৃথিৱীৰ জন্মৰ ৰহস্য কি আছিল? আৰু এই সত্য ভেদ কৰিবৰ বাবেই নাছাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছে এই বিশেষ Time Machineটো।
এই টাইম মেচিনটো নিৰ্মাণৰ সময়ত ইমানেই প্ৰত্যাহবানৰ সন্মুখিন হৈছিল নাছাৰ বিজ্ঞানীসকলে যে প্ৰায় ৩০০টাকৈ আধিক অত্যন্ত জটিল সমস্যা সমাধান কৰোতে ইমানেই চোকা নজৰ দিব লগা হৈছিল বিজ্ঞানীসকলে য’ত হ’ব পৰা এটা সুক্ষ্মতকৈ সুক্ষ্ম ভুলে সম্পূৰ্ণ টাইম মেচিনটো ধ্বংস কৰিব পৰাৰ ক্ষমতা আছিল।
অধিক পঢ়কঃ ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি
আনকি এই মেচিন নিৰ্মাণৰ বাবে নাচাই বহু বৃহৎ বৃহৎ প্ৰকল্প আধাতেই বন্ধ কৰিব লগা হোৱাৰ ওপৰিও বহু বৃহৎ প্ৰকল্প অত্যন্ত প্ৰয়োজনীয় হোৱাৰ পিচতো সেই প্ৰকল্প বছৰ বছৰ ধৰি পিছুৱাই ৰাখিব লগা হৈছিল। নাছাই আৱিষ্কাৰ কৰা এই টাইম মেচিনে পৃথিৱীৰ পৰা বিলিয়ন বিলিয়ন বৰ্ষ দূৰত্বত থকা বিশেষ গ্ৰহ নক্ষত্ৰ বা অন্য সৌৰজগতৰ এক বিশেষ পোহৰ আৱদ্ধ কৰিব।
যি পোহৰ অন্য কোনো মেচিনে আবদ্ধ কৰিব নোৱাৰে বা সেই সুবিধা এই টাইম মেচিনৰ বাহিৰে অন্য কোনো মেচিনত নাই। আৰু নাছাৰ বিজ্ঞানীয়ে জনোৱা তথ্য অনুসৰি এতিয়াও এনে বহু গ্ৰহ, নক্ষত্ৰ আছে যাৰ পোহৰ ১৩শ মিলিয়ন বছৰৰ পূৰ্বৰে পৰা পৃথিৱীৰ দিশে আগৱাঢ়ি আহি আছে কিন্তু বৰ্তমান সময়লৈ পৃথিৱীত ঠেকা খোৱাহি নাই সেই বিশেষ পোহৰসমূহ।
আৰু সেই পোহৰ এই টাইম মেচিনত আৱদ্ধ কৰাৰ লগে লগে সম্পূৰ্ণ ৰহস্য ভেদ হ’ব যে ১৩শ মিলিয়ন বৰ্ষৰ পূৰ্বে কেনেকৈ “Big Bang”ৰ (মহাবিষ্ফোৰণ) হৈছিল বা Big Bangৰ জড়িয়তে পৃথিৱীৰ জন্মৰ আঁৰৰ কাহিনী কি আছিল? আৰু আৱদ্ধ কৰা সেই পোহৰৰ জড়িয়তে সকলো ৰহস্য পুংখানুপুংখভাৱে জানিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ