আৰ্টেমিছ ২ মিছনৰ সফল উৎক্ষেপণ কৰিলে নাছাই৷ আজি ২ এপ্ৰিলৰ পুৱা ৩ বাজি ৪৫ মিনিটত(ভাৰতীয় সময়) ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা বিশাল এছ এল এছ ৰকেট উৎক্ষেপণ কৰা হৈছে৷ ৫৩ বছৰৰ পাছত আকৌ এবাৰ চন্দ্ৰত মানৱ অভিযান চলাবলৈ আগবাঢ়িছে নাছা৷ উৎক্ষেপণৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰো কৰা হৈছে৷ তাত দেখা গৈছে চাৰিজন নভোচাৰীক লৈ নিৰাপদে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিছে যানখনে৷
এই চন্দ্ৰ অভিযানত অংশ লোৱা নভোচাৰীসকলৰ মাজত আছে কমাণ্ডাৰ ৰিড ৱাইজমেন, পাইলট ভিক্টৰ গ্লোভাৰ, মিছন স্পেছিয়েলিষ্ট ক্ৰিষ্টিনা কোচ আৰু কানাডিয়ান স্পেছ এজেন্সিৰ নভোচাৰি জেৰেমি হানছেন৷ এই চাৰিজনেই এতিয়া ওৰিয়ন কেপচুলত বহি চন্দ্ৰৰ দিশে আগুৱাই গৈছে৷
আৰ্টেমিছ ২ মিছন কোনো অৱতৰণ অভিযান নহয়৷ ই এক ১০ দিনৰ পৰীক্ষামূলক অভিযান৷ নভোচাৰীসকলে ঘণ্টাত প্ৰায় ৯৬০০ কিঃমিঃ বেগত চন্দ্ৰৰ খুবেই কাষেৰে ভ্ৰমণ কৰিব, চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু তাৰপিছত পৃথিৱীলৈ উভতি আহিব৷ ওভতাৰ পছত ওৰিয়ন ঘণ্টাত ৪০,০০০ কিঃমিঃ গতিত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব৷ এই সময়ত ওৰিয়ন কেপছুলৰ গভীৰ মহাকাশত চলাৰ ক্ষমতা, যোগাযোগ ব্যৱস্থা আৰু তাৰ নিৰোধক ব্যৱস্থা পুঙ্খানুপুঙ্খভাৱে পৰীক্ষা কৰা হব৷
কিয় এই মিছন ইমান গুৰুত্বপূৰ্ণ?
ইয়াৰ পূৰ্বে শেষবাৰ ১৯৭২ চনত এপল’-১৭ অভিযানৰ মাধ্যমেৰে চন্দ্ৰলৈ নভোচাৰী পঠিওৱা হয়৷ সেই অভিযানৰ পাছত এইবাৰেই প্রথম নতুনকৈ মানুহ কঢ়িয়াই নিয়া যান চন্দ্ৰ অভিমুখে যাত্ৰা কৰিলে৷ এই মিছনৰ সাফল্যৰ পাছত নাছাই আৰ্টেমিছ-৩ ৰ মাধ্যমেৰে চন্দ্ৰত মানুহ অৱতৰণ কৰাব৷ ইয়াৰোপৰি চন্দ্ৰত মানুহৰ স্থায়ী বসতি তৈয়াৰীৰো যাৱতীয় প্ৰস্তুতিও লোৱা হৈছে৷ আনকি পৰবৰ্তী কালত মঙ্গল অভিযানৰ ভিত্তিও তৈয়াৰ হৈছে এই মিছনৰ মাধ্যমেৰেই৷
উৎক্ষেপণৰ পাছত মিছন কি হ’ব?
চাৰিজনীয়া নভোচাৰী দলক কৈ কেইবাদিন ধৰি চন্দ্ৰৰ দিশত নিজৰ যাত্ৰা অব্যাহত ৰাখিব যানখনে৷ তেওঁলোকে চন্দ্ৰৰ পৰা দূৰবৰ্তী অংশৰ ওপৰেৰেও যাব৷ তাতেই পৃথিৱীৰ সৈতে ৰেডিঅ কানেকছন সাময়িকভাৱে বিচ্ছিন্ন হৈ যাব পাৰে৷ এই যাত্ৰাপথত কিছু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাও চলোৱা হব৷ প্ৰায় ১০ দিন পাছত ওৰিয়ন কেপছুলক পেৰাছুটৰ সহায়ত প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰোৱা হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















