আকৌ গুজৰাটত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’(NCB) আৰু ভাৰতীয় নৌ বাহিনীৰ যৌথ অভিযানত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰা হৈছে৷
এণ্টি ড্ৰাগছ এজেঞ্চিয়ে প্ৰকাশ কৰা অনুসৰি এক যৌথ অভিযানত সাগৰৰ মাজৰ পৰা ৫২৯ কিলোগ্ৰাম গাঞ্জা, ২৩৪ কিলোগ্ৰাম মেথাম্ফেটামিন আৰু হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷
উক্ত জব্দকৃত নিচা জাতীয় দ্ৰৱ্যসমূহৰ আন্তঃজাৰ্তিক বজাৰৰ মূল্য প্ৰায় ২০০০ কোটি টকা হ’ব বুলি প্ৰকাশ কৰিছে এণ্টি ড্ৰাগছ এজেঞ্চিয়ে৷
এনচিবিয়ে প্ৰকাশ কৰিছে যে সাগৰীয় পথেৰে ড্ৰাগছ সৰবৰাহৰ বিষয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিতে ভাৰতীয় নৌ সেনাৰ সৈতে প্ৰথমবাৰলৈ এই যৌথ অভিযান চলায়৷ আৰু প্ৰথম অভিযানতে যৌথ বাহিনীয়ে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে এনচিবি-এ৷
উল্লেখ্য যে আফগানিস্তানৰ পৰা সাগৰীয় পথেৰে ভাৰতলৈ নিচাজাতীয় ড্ৰাগছ সৰবৰাহ হৈ আহিছে৷ আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰীয়ে বিশেষ হাজাৰেৰে আৰৱ সাগৰীয় পথেদি গুজৰাটলৈ এই নিচাজাতীয় দ্ৰৱ্যসমূহ সৰবৰাহ কৰি আহিছে৷
স্মৰ্তব্য যে ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰত আদানী মুণ্ডা জাহাজ বন্দৰতো বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছিল৷
আদানীৰ মালিকানাধীন মুণ্ডা জাহাজ বন্দৰত প্ৰায় ২১,০০০ হাজাৰ কোটি টকাৰ ৩ হাজাৰ কিলোগ্ৰামৰ ড্ৰাগছ জব্দ কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ