ৰিম্লী বৰকটকীঃ উপসৰ্গ-অৰ্থাৎ কোনো এক ব্যাধি বা ৰোগৰ লক্ষণ। চিনেমাখনৰ নামটো প্ৰতীকী। ইয়াত কোনো শাৰীৰিক ৰোগৰ লক্ষণ বা উপসৰ্গৰ বিষয়ে ক’বলৈ যোৱা হোৱা নাই। অ, আন এক গম্ভীৰ ৰোগৰ উপসৰ্গ বা লক্ষণৰ বিষয়ে ক’বলৈ যোৱা হৈছে। আৰু সেয়া আন একো নহয়, আপোনাৰ-মোৰ, সবাৰে অতিকে প্ৰয়োজনীয় টকাৰ প্ৰয়োজনৰ বিষয়ে।
টকা-পইচাৰ প্ৰয়োজন, তাগিদা বা অভাৱত সাধাৰণতে এজন সাধাৰণ শ্ৰেণীৰ, অভাৱগ্ৰস্ত মানুহ কি পৰ্যায়লৈকে যাব পাৰে, তাৰেই এক খুব সাধাৰণ তথা স্বাভাৱিক ঘটনাৰাজিক চেলুলয়ডৰ পৰ্দাত তুলি ধৰিছে পৰিচালক কংকন ডেকাই। চিনেমাৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ কংকন ডেকাৰেই। যোৱা ২৯ জুলাইত মুক্তিপ্ৰাপ্ত পৰিচালক কংকন ডেকাৰ দ্বিতীয়খন ছবি বৰ্তমান অসমৰ প্ৰায়বোৰ চিত্ৰগৃহতেই মক্তি দিয়া হয়।
আৰম্ভণিতে উল্লেখ কৰা হৈছেই— চিনেমাৰ কাহিনী মূলতঃ টকা-পইচা বা অৰ্থকেন্দ্ৰিক। পিছে অৰ্থৰ অভাৱত বা অৰ্থৰ বাবে যিকোনো ধৰণৰ কাম কৰিবলৈ এজন মানুহ কেতিয়া আৰু কেনে স্থিতিত আগবাঢ়ে, ইয়াৰ অন্তৰালৰ কথা বা কাহিনীহে চিনেমাৰ মূল উপজীব্য। কথিত ভাষাৰ প্ৰয়োগ কৰি ছবি নিৰ্মাণ, ই নতুন কথা নহয়। উপসৰ্গতো সম্পূৰ্ণৰূপে দৰঙীয়াল ভাষাৰ ব্যৱহাৰ কৰা হৈছে।
লগতে পঢ়ক নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?
পিছে, মন কৰিব লগা বা উল্লেখনীয় কথা হ’ল যে এই ভাষাৰ ব্যৱহাৰ, অভিনেতা-অভিনেত্ৰীৰ ওপৰত জাপি দিয়াবিধৰ মুঠেও নহয়, অৰ্থাৎ স্থানীয় ভাষাটিৰ ব্যৱহাৰৰে ভিন্নতা অনাৰ নামত ইয়াৰ উপলুঙা কৰা হোৱা নাই। দৰঙীয়াল ভাষাৰূপেই সম্পূৰ্ণ সাৱলীলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে পৰিচালক।
দুখৰীয়া ছবিৰ খণ্ডচিত্ৰৰে চিনেমাৰ আৰম্ভণি। অসমৰ অন্তৰ্ৱৰ্তী গাঁও এখন বুলিলে, কৃত্ৰিমতাহীন বা যান্ত্ৰিকতাৰ পৰশ নথকা যি নিভাঁজ ৰূপ মনলৈ আহে, ঠিক তেনে এখন ছবিয়েই দেখিবলৈ পাব প্ৰায় সমগ্ৰ চিনেমাখনতেই। ওজাপালিৰ লগতে বেণ্ড পাৰ্টিৰ উপস্থাপনো সময়-সাপেক্ষে চিনেমাৰ মুখ্য চৰিত্ৰ দুটিৰ লগত সংগতি ৰাখি কৰা হৈছে। চিনেমাই নিজস্ব সৰল আৰু সুস্থিৰ গতিত আগবাঢ়ে। কোনো লৰালৰি, উত্তেজনা বা নাটকীয়তাৰ প্ৰয়োগ নাই। প্ৰথমাৰ্দ্ধৰ শেষভাগৰ পৰা মৃদু এক উৎকন্ঠাৰ আভাষ আছে, যদিওবা চিনেমাৰ গতিশীলতা পূৰ্বে উল্লেখ কৰাৰ দৰেই আছে। মুঠতে চিনেমাখনত সামগ্ৰিক যি ট্ৰিটমেন্ট দিয়া হৈছে, সেয়া সম্পূৰ্ণ নিভাঁজ, যাৰফলত ঘটনাপ্ৰবাহ, দৃশ্যাংশ, মানুহৰ আচৰণ-অভিব্যক্তি-সকলোতে স্বাভাৱিকতা অটুট আছে।
উপসৰ্গৰ ই এক প্ৰলেপবিহীন সৌন্দৰ্য। মুঠতে চিনেমাৰ গতিৰ সৈতে চৰিত্ৰ আৰু ঘটনাৱলীৰ গ্ৰহণযোগ্যতা স্বকীয়ভাৱে আহি পৰে। চিত্ৰনাট্য এখন লিখোতে এটি দৃশ্যাংশৰ পৰা আন এটি দৃশ্যাংশলৈ যাওতে(shot to-cut to) সম্পূৰ্ণ সংগতিপূৰ্ণ আৰু আকৰ্ষণীয় ৰূপত গতি কৰাৰ কেইবাটাও শ্বট আছে। যেনে এটি দৃশ্যত মূল চৰিত্ৰ এটিয়ে নিশাৰ ভাগত ম’বাইলত কিবা এটা চাই হস্তমৈথুন কৰাৰ দৃশ্যাংশৰ পিছত পুৱাৰ দৃশ্যাংশত কোৰ এখনৰ নালডালত হেঁচা প্ৰয়োগ কৰি থকাৰ সমান্তৰালকৈ বেকগ্ৰাউণ্ডত ব’হাগৰ এটি সুৰৰ ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ প্ৰতীকীৰূপত যৌনতা আৰু উৰ্বৰতাক একত্ৰ কৰা হৈছে, যি এক আদিম সত্য।
লগতে পঢ়ক ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?
নিৰ্দ্দিষ্ট সময়ত পৰিকল্পিত কাৰ্যসিদ্ধি কৰিবলৈ গৈ অস্থিৰতা-উদ্বিগ্নতাত পেটত হাত-ভৰি লুকোৱা দুই মূখ্য চৰিত্ৰই নিশাৰ জোনৰ পোহৰত মুকলি আকাশৰ তলত মলত্যাগ কৰাৰ দৃশ্যটিকো এনে এক আচৰিত সুন্দৰ ৰূপত তুলি ধৰা হৈছে যে মলত্যাগক লৈ এনে দৃশ্যৰ অৱতাৰণা ইয়াতকৈ সুন্দৰ হয়তো হ’ব নোৱাৰে।
চিদা বৰাৰ চিনেমেট’গ্ৰাফী বা আলোকশিল্পৰ কামৰ প্ৰশংসা কৰিবই লাগিব। যেনে জুই লগাৰ দৃশ্যত কেমেৰাৰ এংগলৰ পৰা আৰম্ভ কৰি, পুখুৰীৰ পানীত তিনিওজনৰ হতাহতিৰ প্ৰতিফলন, শেষৰ ফালে অৰ্থাৎ তৰংগ শীৰ্ষৰ আগত পুৱতি নিশা কাঁইটীয়া জোপোহাক কেমেৰাৰ আগত ৰাখি, তাৰপিছত ছয়াময়া পোহৰত চৰিত্ৰকেইটিৰ গতিবিধি-অৰ্থৱহ।
আৰু একেবাৰে অন্তিম দৃশ্যটো পৰ্যন্ত চকুজুৰোৱা। লগতে খাপ খোৱা আৱহ-সংগীত। সৌৰভ মহন্তৰ সংগীতৰ কাম দৃশ্যাংশ সাপেক্ষ,সুন্দৰ। এতিয়া আহো আটাইতকৈ আচৰিত পিছে সুন্দৰ দিশটোলৈ। সেয়া হৈছে-অভিনয়। চিনেমাখনৰ মূল দুটি চৰিত্ৰ-কিংকৰ নাথ আৰু অনিল নাথ— এই দুইজনেই কোনোধৰণেই অভিনয়ৰ সৈতে জড়িত নহয়। অথচ, দুয়োজনেই কেমেৰাৰ আগত ইমানেই স্বাভাৱিক আৰু সহজ যে-এনে প্ৰাকৃতিক অভিনয়শৈলী আয়ত্ত কৰিবলৈ বহু অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰে দীৰ্ঘকাল লাগি যায়।
দুই অভিনয় শিল্পীৰ প্ৰথম হৈয়ো অনবদ্য অভিনয়ৰ শলাগ লোৱাৰ লগতে পৰিচালক ডেকাৰ কথা ক’বই লাগিব পুনৰবাৰ। এই অভিনয় শিল্পীয়ে অভিনয় কৰা যেন নলগাৰ অনুভৱ দৰ্শকক দিবৰ বাবে আটাইতকৈ বেছি কচৰৎ কৰ্তাজনেই হৈছে পৰিচালকজন। কংকন ডেকাৰ চলচ্চিত্ৰৰ সম্পৰ্কে অধ্যয়ন, নিৰীক্ষণৰ এক পৈণত ফচল-উপসৰ্গ। চাই নিৰাশ নিশ্চয়কৈ নহ’ব।
লেখিকাৰ মেইল- rimli.borkotoky1985@gmail.com
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ