অসম লাইভ ২৪ঃ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ অসম কন্যা লাভলীনা বৰগোহাঁইৰ। ছেমি ফাইনেলত তুৰস্কৰ প্ৰতিপক্ষৰ হাতত পৰাস্ত লাভলীনা। বুছেনাছ ছাৰমেলেনীৰ বিৰুদ্ধে ৫-০ গ’লত পৰাস্ত হয় লাভলীনা। কিন্তু ব্ৰঞ্জ কন্যা লাভলীনাক লৈ গৌৰাৱান্বিত ৰাজ্যবাসী। প্ৰথমগৰাকী অসমীয়া বক্সাৰ হিচাপে অলিম্পিকত পদক লাভ কৰে লাভলীনা বৰগোহাঁয়ে। আনহাতে, অলিম্পিকৰ ত্ৰয়োদশ দিনা টকিঅ’ত ভাৰতীয় ক্ৰীড়াবিদৰ উৎসাহজনক প্ৰদৰ্শন। জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ। কোৱালিফিকেচন ৰাউণ্ডত ৮৬.৬৫ মিটাৰ প্ৰদৰ্শনেৰে পদকৰ যুঁজৰ বাবে সাজু হয় ভাৰতীয় তৰকা খেলুৱৈগৰাকী। তদুপৰি, ছেমি ফাইনেলত প্ৰৱেশ মল্লযুঁজাৰু দীপক পুনিয়া আৰু ৰবি কুমাৰ দাহিয়া। ৮৬ কিলোগ্ৰাম শাখাত চীনৰ প্ৰতিপক্ষক ৬-৩ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ভৰতীয় মল্লযুঁজাৰু দীপক পুনিয়াই। আমেৰিকাৰ ডেভিড মাৰিচৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব পুনিয়া। ৫৭ কিলোগ্ৰাম শাখাত ছেমি ফাইনেলত প্ৰৱেশ কৰে ৰবি কুমাৰে। ইফালে, আজি হকীৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা হকী দল। ইতিমধ্যেই ইতিহাস সৃষ্টি কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰা মহিলা হকী টীমে স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি ছেমিত অৱতীৰ্ণ হ’ব অৰ্জেণ্টিনাৰ বিৰুদ্ধে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ