অসম লাইভ ২৪ঃ ১ জুলাইৰ পৰা আৰম্ভ হ’ব চাৰিধাম যাত্ৰাৰ প্ৰথম পৰ্যায়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উত্তৰাখণ্ড চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত। সোমবাৰে উত্তৰাখণ্ড চৰকাৰে ঘোষণা কৰে এই সিদ্ধান্ত। এই সন্দৰ্ভত উত্তৰাখণ্ড চৰকাৰে কোভিডৰ নতুন গাইডলাইন জাৰি কৰে। কোভিড বিধি অনুসৰি, যাত্ৰীসকলৰ লগত কোভিড নিগেটিভ ৰিপ’ৰ্ট থকাটো বাধ্যতামূলক। সম্পূৰ্ণ কোভিড বিধি মানি যাত্ৰা কৰিব লাগিব ভক্তই। ১ জুলাইত উত্তৰাখণ্ডৰ তিনিখন জিলাৰ ভক্তৰ বাবে চাৰিধাম যাত্ৰাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। নিৰ্দেশনা অনুসৰি, ১ জুলাইত ৰুদ্ৰপ্ৰয়াগৰ নিবাসীৰ বাবে কেডাৰনাথ, চাম’লী জিলাৰ নিবাসীসকলৰ বাবে বদ্ৰীনাথ আৰু উত্তৰকাশীৰ নিবাসীৰ বাবে গংগোত্ৰী আৰু যমুনাত্ৰী যাত্ৰাৰ অনুমতি দিছে প্ৰশাসনে। ইয়াৰ বিপৰীতে ১১ জুলাইৰ পৰা আৰম্ভ হ’ব চাৰিধাম যাত্ৰাৰ দ্বিতীয় পৰ্যায়। উল্লেখ্য, ৭ জুলাই পৰ্যন্ত ভক্তৰ বাবে চাৰিধাম যাত্ৰা বন্ধ ৰাখিছিল উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে। কিন্তু ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তত অসন্তুষ্ট উচ্চ ন্যায়ালয়। মুখ্য ন্যায়াধীশ আৰ এচ চৌহান আৰু ন্যায়াধীশ আলোক কুমাৰ বাৰ্মাৰ খণ্ড বিচাৰপীঠে প্ৰদান কৰিছিল এই সিদ্ধান্ত। ন্যায়ালয় অসন্তুষ্ট যদিও প্ৰশাসনৰ চাৰিধাম যাত্ৰাৰ অনুমতিত উৎফুল্লিত বিভিন্ন প্ৰান্তৰ ভক্তবৃন্দ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ