অসম লাইভ ২৪ঃ ভাৰতত বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণ৷ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি ৰাজ্যই ৰাজ্যই৷ বিশ্বৰ বহু ৰাষ্ট্ৰৰ সমান্তৰালভাৱে ভাৰততো নিতৌ বৃদ্ধি পাবলৈ ধৰিছে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা৷ ভাৰতত অমিক্ৰনত আক্ৰান্ত ৬৫৩ জন৷ ইয়াৰে দিল্লীত ১৪২ জন, মহাৰাষ্ট্ৰত ১৪১ জন, কেৰালাত ৫৭ জন, গুজৰাটত ৪৯ জন, ৰাজস্থানত ৪৩ জন, তেলেংগানাত ৪১ জন, তামিলনাডুত ৩৪ জন, কৰ্ণাটকত ৩১ জন, মধ্যপ্ৰদেশত ৯ জন, অন্ধ্ৰপ্ৰদেশত ৬ জন, পশ্চিমবংগত ৬ জন, হাৰিয়ানাত ৪ জন, ওড়িশাত ৪ জন, চণ্ডীগড়ত ৩ জন, জম্মু-কাশ্মীৰত ৩ জন, উত্তৰ প্ৰদেশত ২ জন, হিমাচল প্ৰদেশত এজন, লাডাখত এজন, উত্তৰাখণ্ডত এজন আৰু মণিপুৰত এজন৷ দিল্লীত ইতিমধ্যে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ আজিৰে পৰা সান্ধ্য আইন জাৰি কৰা হৈছে৷ কেইবাখনো হাস্পতালত বিশেষ নিৰীক্ষণত আছে অমিক্ৰনত আক্ৰান্তসকল৷ মহাৰাষ্ট্ৰতো আক্ৰান্তৰ সংখ্যালৈ চাই গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ বিভিন্ন ৰাজ্য চৰকাৰসমূহ অমিক্ৰনৰ সংক্ৰমণক লৈ সষ্টম হৈছে৷ ইফালে, উত্তৰ-পূবৰ প্ৰথমগৰাকী অমিক্ৰন আক্ৰান্ত হৈছে মণিপুৰৰ৷ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু মণিপুৰৰ সংক্ৰমণৰ পাছত সষ্টম হৈছে অসম চৰকাৰো৷ শীঘ্ৰেই অসমতো প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰা হ’ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ ইতিমধ্যে, বিশ্বৰ অসংখ্য দেশ অমিক্ৰনত আক্ৰান্ত হৈছে৷ দেশসমূহে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ বিশ্বজুৰি বাতিল কৰা হৈছে ১১,৫০০ খন ফ্লাইট ৷ এনে এক জটিল পৰিস্থিতিৰ মাজতে দুটা নতুন ভেকচিন corbevax, covovaxক অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ molnupiravir নামৰ এবিধ এণ্টিভাইৰেল ড্ৰাগো জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ মুঠতে এটা কথা স্পষ্ট যে অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ আগন্তুক এমাহ-দুমাহত সংক্ৰমণে ভয়াৱহ ৰূপো ধাৰণ কৰাৰ আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ গতিকে ইয়াৰ বাবে প্ৰয়োজন সাৱধান আৰু সতৰ্ক হোৱাৰ৷ প্ৰতিগৰাকী ব্যক্তিয়ে মাস্ক পিন্ধা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু নিৰ্দিষ্ট শাৰীৰিক দূৰত্ব বজাই ৰাখটো এই মূহুৰ্তত অতি গুৰুত্বপূৰ্ণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ