পুনৰ দৰ্শকক মনোৰঞ্জন দিবলৈ আহি আছে CID-২, দৰ্শকৰ মাজত কৌতুহল, জীয়াই আছে দয়া
১৮ বছৰে ধৰি দৰ্শকৰ মাজত চি আই ডিৰ ৰোমাঞ্চকৰ কাহিনীয়ে ৰাজত্ব কৰিছিল। চি আই ডি বুলিলেই যেন ঘটনা এটাৰ ৰহস্য কেনেকৈ ভেদ হ’ব তাকে লৈ চিন্তা। কোন আগত থাকিব, দয়া নে অভিজিৎ, কি কৰিব এ চি পি প্ৰদ্যুমনে, বিভিন্নটা প্ৰশ্ন।
তাতে আৰু শেষৰটো এপেচোডত দেখাই অভিজিতে গুলিয়াই দয়াক। যাৰ বাবে কৌতুহল আৰু অধিক গাঢ় হৈ উঠে। কি হ’ল দয়াৰ, মৃত্যু হ’ল নে জীয়াই আছে। কিয় দয়াক গুলিয়ালে অভিজিতে। পাছে সেই সকলো বোৰৰ প্ৰশ্নৰ উত্তৰ লৈ পুনৰ দৰ্শকৰ মাজলৈ আহি আছে চি আই ডি।
চি আই ডিৰ দ্বিতীয়টো ছিজন অতি শীঘ্ৰেই দৰ্শকৰ মাজলৈ আহি আছে। ইয়াৰ প্ৰথমটো টিজাৰো মুকলি অনুৰাগীৰ বাবে। যি টিজাৰে অনুৰাগীৰ কৌতুহল অধিক কৰি তুলিছে।
কিয়নো সেই টিজাৰতেই আছে দয়া। শৰীৰত কেইবাটাও গুলিৰ আঘাত লৈ পুনৰ আহি আছে দয়া। আঘাতৰ ওপৰতেই কাপোৰ পৰিধান কৰা দেখা গৈছে। শক্তিৰ ক্ষেত্ৰত একেই আছে দয়া। পূৰ্বৰ দৰেই দয়াই ভাঙিছে দৰ্জা। এ চি পি প্ৰদ্যুমনৰ সৈতে দয়াই নামি পৰিছে ৰহস্য ভেদ কৰাৰ।
চি আই ডিৰ এই দ্বিতীয়টো চিজন অহা মাহৰ ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হব। প্ৰতি শনিবাৰ আৰু দেওবাৰে নিশা ১০ বজাত সম্প্ৰচাৰ হব চি আই ডিৰ দ্বিতীয়টো চিজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ