অসম লাইভ২৪ঃ হিন্দু বৰ্ষপঞ্জী অনুযায়ী আগন্তুক বছৰটো ১২ নহয় ১৩ মহীয়া হ’ব৷ নতুন বৰ্ষত হিন্দুৰ প্ৰত্যেকটো উৎসৱেই ১৫ ৰ পৰা ২০ দেৰীকৈ হ’ব৷ ২০২৩ চনত শাওন মাহটো ৩০ দিনৰ সলনি ৬০ দিনীয়া হ’ব৷
প্ৰতি বছৰে, হিন্দু পঞ্জিকা অনুযায়ী কেতিয়াবা বছৰত ১১ দিন হ্ৰাস হয়। এনেদৰে, ৩ বছৰত এই হ্ৰাস হোৱা দিনৰ সংখ্যা ৩০ ৰ পৰা ৩৩ লৈ বৃদ্ধি হয়৷ এই অতিৰিক্ত মাহ, যি প্ৰতি ৩ বছৰত বৃদ্ধি হয়, ইয়াক পুৰুষোত্তম মাহ বুলিও কোৱা হয়। ২০২৩ বৰ্ষটো পুৰুষোত্তম মাহ৷ ২০২৩ চনত, পুৰুষোত্তম মাহ ১৮ জুলাই ২০২৩ ৰ পৰা ১৬ আগষ্ট ২০২৩ লৈ হ’ব। ইয়াৰ বাবে, শাওন মাহটো ৪ জুলাইৰ পৰা ৩১ আগষ্টলৈ হ’ব। একে সময়তে, শাওন মাহৰ উৎসৱ পাৰ্বনসমূহ ১৫ ৰ পৰা ২০ দিন দেৰী হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ