অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বতেই বছৰৰ প্ৰথম দিনটোক উদযাপন কৰা হয়। বহুতেই উল্লাসেৰে এই দিনটোক কটাবলৈকে মন কৰে। কিয়নো বছৰৰ প্ৰথম দিনটো ভালকৈ কটালে বছৰটোৱে আনন্দময় হয় বুলি লোকবিশ্বাস। দেশ ভেদে সমগ্ৰ বিশ্বতেই এই দিনটো পালন কৰাৰ নিজস্ব কিছু পৰম্পৰা আছে।
বিশ্বৰ কোনো দেশত যদি ঘৰৰ আচবাব সমূহ, ধন সম্পদ সমূহ প্ৰথম দিনটোতেই এবাৰ চুই চায় আন কৰোবাত আকৌ টেবুলৰ তলত বহি এক মিনিটত ১২ টা আঙুৰ খাই।
লেটিন আমেৰিকাৰ বহু প্ৰান্তত বছৰটো যাতে সমৃদ্ধিশালী হয় তাৰবাবে লেটিন আমেৰিকাৰ কিছু প্ৰান্তত লোকসকলে লংপেণ্টৰ জেপ বা ছাৰ্টৰ জেপত এটা বা দুটা মুদ্ৰা ৰাখে। কিছু সংখ্যকে জোতাৰ ভিতৰতো মুদ্ৰা সোমোৱাই ৰাখে।
ঠাইভেদে আছে অদ্ভুত কিছু প্ৰথা। ব্ৰাজিল আৰু বলিভিয়াৰ বিভিন্ন প্ৰান্তত একাংশলোকে নৱবৰ্ষত কৰে অদ্ভুত এক কাম। এই অঞ্চলৰ যিসকল ব্যক্তিয়ে নতুন বছৰটোত যুগ্ম জীৱন আৰম্ভ কৰিব বিচাৰে তেওঁলোকে বছৰৰ প্ৰথম দিনটোত ৰঙা অন্তৰ্বাস পৰিধান কৰে। এনেদৰে ৰঙা অন্তৰ্বাস পৰিধান কৰিলে জীৱনলৈ প্ৰেম আহে বুলি এইসকল লোকৰ ধৰ্মীয় বিশ্বাস। আনহাতে নৱবৰ্ষত যিসকল লোকে শান্তি বিচাৰে তেওঁলোকে বছৰৰ প্ৰথম দিনটোত বগা অন্তৰ্বাস আৰু ধন-সম্পদৰ আশা কৰাসকলে হালধীয়া ৰঙৰ অন্তৰ্বাস পৰিধান কৰে। আনহাতে সেই ঠাইৰ বাসিন্দা সকলে বিশ্বাস কৰে যে বছৰৰ প্ৰথম দিনটোত ক’লা ৰঙৰ অন্তৰ্বাস পৰিধান কৰিলে বছৰটোৱেই দুৰ্ভাগ্যজনকভাৱে পাৰ হয়।
পৃথিৱীৰ বহু প্ৰান্তত আকৌ বিশ্বাস যে নতুন বছৰত ঘৰৰ মুখ্য দুৱাৰ খুলি থলে গৃহত সৌভাগ্যই প্ৰৱেশ কৰে। সেয়ে নৱবৰ্ষৰ প্ৰথমটো দিনত বহুতেই ঘৰৰ মুখ্য দুৱাৰ খুলি থয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ