পেৰালিম্পিকৰ বেডমিণ্টনত সোন জয় কৰিছে ভাৰতৰ নীতেশ কুমাৰে৷ পুৰুষৰ চিঙ্গলছৰ SL3 বিভাগত বেডমিণ্টনত সোণ জিকিছে ইংলেণ্ডৰ ডেনিয়েল বেথলেক হৰুৱাই সোণ জয় কৰিছে নীতেশ কুমাৰে৷ নীতেশৰ মেচক লৈ এতিয়া সকলোৱেই চলাইছে চৰ্চা৷ চৰ্চা কৰিবলগীয়াও কথা৷ কাৰণ তেওঁ কেৱল খেলুৱৈয়ে নহয়৷ মাণ্ডি IITৰ পৰা স্নাতকো নীতেশ কুমাৰ৷
পেৰালিম্পিকৰ SL3 বিভাগত যিসকলে অংশ লয় তেওঁলোকৰ শৰীৰৰ নিম্নাংশৰ সমস্যা থাকে৷ সেই সকলহে এই কেটাগৰীত খেলিব পাৰে৷ এইসকল এথলিটৰ বাবে বেডমিণ্টন কোৰ্টৰ মাপ অৰ্ধেক হয়৷ টকিঅ’ পেৰালিম্পিক্সৰ পেৰা বেডমিণ্টনত প্ৰমোদ ভগতে সোণ জয় কৰিছিল৷ একেই বিভাগচ ব্ৰঞ্জ জয় কৰিছে মনোজ চৰকাৰে৷ এইবাৰ এই কেটাগৰীত পদক জিকিছে নীতেশ কুমাৰে৷ কেনেকৈ নীতেশ কুমাৰ পেৰালিম্পিক খেলুৱৈ হয়গৈ?
২০০৯ চনত ভাইজেগত ট্ৰেইন দুৰ্ঘটনাত নীতেশে তেওঁৰ বাওঁ ভৰি হেৰুৱাই৷ হাস্পতালৰ পৰা ছুটী পোৱাৰ পাছত তেওঁ এমাহ বেড ৰেষ্টত থাকে৷ এই সময়তখিনি বিচনাত শুই শুই তেওঁ সিদ্ধান্ত লয় যে তেওঁ আই আই টিত ভৰ্তি হ’ব৷ এবছৰৰ বিৰতিৰ পাছত তেওঁ আইআইটিৰ প্ৰৱেশিকা পৰীক্ষাত বহে৷
২০১৩ চনত তেওঁ আই আই টি মাণ্ডিত যোগ দিয়ে৷ এই সময়ত তেওঁ পঢ়াশুনাতেই নিজকে সঁপি দিছিল৷ বেডমিণ্টনৰ প্ৰতি তেওঁৰ মনৰ কোণত অলপমান ভালপোৱা সোমাই আছিল বাবে মাজে মাজে বেডমিণ্টনো খেলিছিল৷ ২০১৬ চনত তেওঁ পেৰা বেডমিণ্টনত কেৰিয়াৰ আৰম্ভ কৰে৷ সেই বছৰ তেওঁ পেৰা নেশ্ব্যনেল চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰে হাৰিয়ানাৰ হৈ৷
২০১৭ চনত প্ৰথমে তেওঁ পেৰা বেডমিণ্টন আন্তৰ্জাতিক খিতাপ জয় কৰে৷ একাধিক পদক তেওঁ বেডমিণ্টনত লাভ কৰিছে৷ তালিকাত আছে BWF পেৰা বেডমিণ্টন আৰু এছিয়ান পেৰা গেমছ৷ বেডমিণ্টন খেলাৰ ওপৰিও নীতেশে এজন কোচ হিচাপেও কাম কৰিছিল৷ তেওঁ হাৰিয়ানাৰ স্পোৰ্টছ আৰু যুৱককল্যাণ বিভাগৰ ছিনিয়ৰ বেডমিণ্টন কোচ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ