অসম লাইভ ২৪ঃ দেশত দিনে দিনে বৃদ্ধি হৈছে নিৱনুৱা সমস্যা, সামগ্ৰীৰ দাম। ইয়াৰ বিপৰীতে নিন্মগামী হৈছে সাধাৰণ জনতাৰ জীৱনধাৰণৰ মাণদণ্ড তথা প্ৰণালী। চৰকাৰে ১ টকীয়া চাউল দি ১০০ টকা কৰিছে আলু, বিলাহী-বেঙেনাৰ দাম। দামবৃদ্ধিৰ বিপৰীতে সাধাৰণ জনতাৰ হাতত নাই টকা। সকলোফালে বিপদে হেঁচামাৰি ধৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ বিপৰীতে হোৰাহুৰে বৃদ্ধি হৈছে নেতা মন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ। এই সম্পত্তিৰ পৰিমাণ কেৱল চৰকাৰত থকা মন্ত্ৰী বিধায়কৰে নহয়; সমান্তৰালভাৱে বৃদ্ধি হৈছে বিৰোধী দলৰ নেতাৰো। নীতি আয়োগৰ শেহতীয়া প্ৰতিৱেদন অনুসৰি ৫১ শতাংশৰে বৰ্তমান দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা শীৰ্ষ ৰাজ্য হৈছে বিহাৰ। কিন্তু বিহাৰতেই সকলোতকৈ অধিক শাসক-বিৰোধীৰ জয় জয় ময় ময় অৱস্থা। বিহাৰৰ ৮১ শতাংশ নেতা মন্ত্ৰী কোটিপটিৰ তালিকাত। নীতি আয়োগৰ প্ৰতিৱেদন অনুসৰি বিহাৰৰ প্ৰতিগৰাকী বিধায়কৰ গড়ে সম্পত্তিৰ পৰিমান ৪.৭ কোটি টকা। ইয়াত পিছ পৰি থকা নাই অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়। মেঘালয়ত বিগত কংগ্ৰছ চৰকাৰ দিনত সৰ্বাধিক সম্পত্তিৰ পৰিমান বৃদ্ধি হৈছে। বহু ৰাজ্যৰ সমান্তৰাল খোজত খোজ মিলাই আগৱাঢ়ি আছে অসমো। অসমৰ বহুকেইজন বিধায়কৰ ৰাজনীতিত যোগদান কৰিয়েই সম্পত্তিৰ পৰিমান পাহাৰ সদৃশ বৃদ্ধি পাইছে। ইয়াত কেৱল শাসনত থকা বিধায়কৰে নহয়; সম্পত্তিৰ পৰিমান বৃদ্ধি হৈছে বিৰোধী বিধায়েকৰো। নীতি আয়োগে প্ৰকাশ কৰা এই তালিকাই এতিয়া আচৰিত কৰি তুলিছে অধিকাংশ সচেতন জনতাক।
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ