কোৰবানি ঈদ বা বকৰি ঈদ৷ বকৰি ঈদৰ পূৰ্বে একাধিক নিৰ্দেশিকা জাৰি কৰিছে উত্তৰপ্ৰদেশৰ যোগী চৰকাৰে৷ ঈদৰ পূৰ্বে একাধিক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ নিৰ্দেশিকা অনুসৰি ৰাস্তাৰ মাজত বহি নামাজ পঢ়া, য’তে ত’তে কোৰবানী দিয়া কাৰ্য একেবাৰেই নচলিব উত্তৰপ্ৰদেশত৷ নিৰ্দেশনাত লগতে কোৱা হৈছে যে, সকলো পশু কোৰবানি দিব নোৱাৰিব৷ যোগীয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত কয়, ‘মন গ’লেই যতে ততে কোৰবানী নিদিব৷ আমি কোৰবানীৰ বাবে স্থান নিৰ্ধাৰণ কৰিছো৷ সেই স্থানৰ সলনি অন্য স্থানত পশু কোৰবানী দিলেই আমাৰ প্ৰশাসন কঠোৰ হ’ব৷ ইয়াৰোপৰি স্পৰ্শকাতৰ বা বিতৰ্কিত কোনো স্থানত কোৰবানীৰ নিয়ম একেবাৰেই বন্ধ কৰিছো৷ যিসময়ত আমি পশু কোৰবানী দিয়া নিষিদ্ধ কৰিছো সেই সময়ত সেই স্থানসমূহৰ ওপৰত প্ৰশাসনৰ কাঢ়া নজৰ থাকিব৷ পশু কোৰবানীৰ পাছত সকলো বৰ্জ্য পদাৰ্থ চাফা কৰাটো নিজৰ দায়িত্ব৷’
নিৰ্দেশনাত লগতে কোৱা হৈছে, প্ৰচলিত ৰীতি অনুসৰি নিৰ্ধাৰিত স্থানতহে নামাজ পঢ়িব৷ ৰাস্তা অৱৰোধ কৰি কোনোৱে নামাজ পঢ়িব নোৱাৰিব৷ নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে মানুহৰ ধৰ্মীয় বিশ্বাসক সকলোৱে সন্মান কৰে কিন্তু এই বিশ্বাসৰ বাবেই যাতে কোনেও হাৰাহাস্তি নাপায় সেই বিষয়ত নজৰ দিয়ক৷ ইয়াৰোপৰি এই সময়চোৱাত কোনোৱে যাতে নিজৰ হাতত আইন তুলি নলয় তাৰবাবেও আগতীয়াকৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰশাসনিক অধিকাৰীসকল আৰু আৰক্ষীক ধৰ্মীয় অনুভূতিত আঘাত নকৰিবলৈ পৰামৰ্শ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ