• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

4 months ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

44 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

1 hour ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

3 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

4 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

editor by editor
December 20, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

অতিকে শোকাৱহ, ৰাজ্য কঁপাইযোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনায়। তীব্ৰবেগী ৰেলৰ খুন্দাত অকালতে প্ৰাণ হেৰুৱালে ৭ টাকৈ বন্য হাতীয়ে। মধ্য অসমৰ এন এফ ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ-কামপুৰ অংশত দিল্লী অভিমুখী ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ তীব্ৰখুন্দাত এইদৰে প্ৰাণ হেৰুৱাব লগীয়া হয় বনৰীয়া হাতীৰ জাকটোৱে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, শনিবাৰে পুঁৱতি নিশা প্ৰায় ২:১৭ বজাত গুৱাহাটীৰ পৰা প্ৰায় ১২৬ কিলোমিটাৰ দূৰত্বৰ স্থানত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাটোৰ ফলত ৭ টাকৈ হাতীয়ে অকাল মৃত্যুক সাৱতি লোৱাৰ লগতে ৰেলখনৰ ইঞ্জিন আৰু ৫টা ডবা লাইনচ্যুত হয়। অৱশ্যে এন এফ ৰেলৱেই এক বিবৃতিত কয় যে কোনো যাত্ৰী হতাহত বা আহত হোৱা নাই।

এন এফ ৰে’লৱেৰ চিপিআৰঅ’ কে কে শৰ্মাই কয় যে এই কাণ্ড এনে এটা স্থানত সংঘটিত হৈছে যিটো নিৰ্দিষ্ট হাতী কৰিডৰ নহয়। তেওঁ লগতে কয়, “লোকো পাইলটে হাতীৰ জাকটো পৰ্যবেক্ষণ কৰি জৰুৰীকালীন ব্ৰেক লগাইছিল। কিন্তু তথাপি এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।”

বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে কয় যে নিশাৰ ভাগত পাহাৰৰ পৰা মাজে মাজে তেনেদৰে হাতী নামি আহে, কিন্তু নিশাৰ এই দুৰ্ঘটনাৰ মুল কাৰণ হৈছে ঘন কুঁৱলী। কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবেই নিশ্চয় এই ঘটনা সংঘটিত হৈছে। বৰ্তমানে সেই অংশৰ মাজেৰে পাৰ হ’বলগীয়া ৰে’লসমূহ ডাইভাৰ্ট কৰা হৈছে, আনহাতে পুনৰুদ্ধাৰৰ কাম চলি আছে।

চিপিআৰঅ’ই জানিবলৈ দিয়া মতে, “আক্ৰান্ত ডবাসমূহৰ যাত্ৰীসকলক অস্থায়ীভাৱে আন ডবাত উপলব্ধ খালী বাৰ্থত প্ৰেৰণ কৰা গুৱাহাটীলৈ অনা হৈছে। ৰে’লখন গুৱাহাটী পোৱাৰ পিছতে ক্ষতিগ্ৰস্ত ডবাসমূহৰ যাত্ৰীসকলক ৰখাৰ বাবে অতিৰিক্ত ডবা সংযোজন কৰা হ’ব, পাছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰিব।

ইতিমধ্যে সংমণ্ডলীয় মুখ্য কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে দুৰ্ঘটনা সাহায্য ৰে’ল ঘটনাস্থলীত উপস্থিত হৈছে। গুৱাহাটী ৰেলৱে ষ্টেচনত হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে, ০৩৬১-২৭৩১৬২১ / ২৭৩১৬২২ / ২৭৩১৬২৩।

আনহাতে এই দুৰ্ঘটনাৰ পাচতে বহুকেইখন ৰেল বাতিল কৰা হৈছে। লগতে বহু কেইটা ষ্টেছনত আৱদ্ধ হৈ আছে বহু কেইখন ৰেল। উজনি-নামনিৰ কেইবাখনো ৰে’ল আৱদ্ধ বিভিন্ন ষ্টেচনত। যোগীজান ষ্টেচনত আৱদ্ধ লিডু-গুৱাহাটী ইন্টাৰচিটী এক্সপ্ৰেছ, বাংগালোৰ SF এক্সপ্ৰেছ আৱদ্ধ হোজাই ষ্টেচনত। লামডিং জংচনত আৱদ্ধ কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ, ডিমাপুৰত আৱদ্ধ কামৰূপ এক্সপ্ৰেছ ,চাপৰমুখত কাষ্ণনজংঘা এক্সপ্ৰেছ, গুৱাহাটীত ডনিপ’ল ৰে’ল। বাতিল কৰা হৈছে ৰাজ্যৰাণী এক্সপ্ৰেছ, হাফলং অভিমুখী ভিষ্টাড’ম ৰে’ল,জনশতাব্দী এক্সপ্ৰেছ,ৰঙিয়া নিউ তিনিচুকীয়া এক্সপ্ৰেছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: train accidentWild Elephant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.