যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে জয়া প্ৰদা, জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা জাৰি
৭০-৮০ দশকৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী তথা লোকসভাৰ সদস্য জয়া প্ৰদা ডাঙৰ বিপদত। যি কোনো সময়তে গ্ৰেপ্তাৰ হব পাৰে অভিনেত্ৰীগৰাকী। জয়া প্ৰদাৰ বিৰুদ্ধে জাৰি কৰা হৈছে জামিন বিহীন গ্ৰপ্তাৰী পাৰোৱানা তথা নন-বেইলেবল ৱাৰেণ্ট।
এক অশ্লীল মন্তব্যৰ গোচৰত বৃহস্পতিবাৰে জয়া প্ৰদা আদালতত হাজিৰ হোৱাৰ কথা আছিল যদিও আদালতত হাজিৰ নহয় অভিনত্ৰীগৰাকী। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেও আদালতৰ শুনানিত হাজিৰ হোৱাৰ সুবিধা কৰি দিছিল জয়া প্ৰদাক, কিন্তু ইয়াৰ পিছতো উপস্থিতি নহয়।
এতিয়া সেই গোচৰতে মোৰাদাবাদ আদালতে জয়াপ্ৰদাৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰাৰ লগতে গোচৰৰ পৰৱৰ্তী শুনানিৰ দিনো নিৰ্ধাৰণ কৰিছে। অশ্লীল মন্তব্যৰ গোচৰৰ পৰৱৰ্তী শুনানি ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ