• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?

পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?

7 months ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

4 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

4 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

4 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

5 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

6 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

6 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

6 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

6 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

7 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

7 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

7 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?

পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?

editor by editor
September 4, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
পুটিনৰ সৈতে বৈঠকৰ পাছতেই বেইজিঙৰ পৰা মচি দিয়া হ’ল কিমৰ চিহ্ন, পৰিষ্কাৰ কৰা হ’ল চেয়াৰ-গ্লাছ, উত্তৰ কোৰিয়ালৈ লৈ যোৱা হ’ল মলমূত্ৰ, আঁৰত কি কাৰণ?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ১৫ আগষ্টত ইউক্ৰেইন যুদ্ধ সম্পৰ্কে আলোচনা কৰিবলৈ আলাস্কাৰ এঙ্কাৰেজত মুখামুখি বৈঠকত বহিছিল ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন আৰু মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প৷ পুটিন-ট্ৰাম্প বৈঠকৰ পাছতেই এক চাঞ্চল্যকৰ তথ্য প্ৰকাশিত হৈছে৷ সেই প্ৰতিবেদন অনুসৰি আলাস্কাত মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পৰ সৈতে শীৰ্ষ সন্মিলনৰ সময়ত পুটিনৰ দেহৰক্ষীয়ে তেওঁৰ মলমূত্ৰ সংগ্ৰহৰ বাবে এটা পুপ ছুটকেছো লৈ গৈছিল৷

অদ্ভুত যেন লাগিলেও এই প্ৰতিবেদনে এই ঘটনাৰ সত্যাসত্য থকাৰো প্ৰমাণ দেখুৱাইছে৷ ইয়াৰ পাছতেই ৰুছ প্ৰেছিডেণ্টৰ স্বাস্থ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য যাতে বিদেশী শক্তিৰ হাতলৈ গুচি নাযায় তাৰবাবেই এই যোগাৰ বুলিও প্ৰকাশ কৰিছে প্ৰতিবেদনত৷ পুটিনৰ পাছতেই এইবাৰ একেই ঘটনা ডেমোক্ৰেটিক পিপলছ ৰিপাব্লিক অফ কোৰিয়াৰ নেতা কিম জং উনৰো৷ পুটিনৰ সৈতে বৈঠকৰ পাছতেই কিম জং উন বহা চকীখনৰ পৰা আদি কৰি সকলোবোৰ লগে লগেই পৰিষ্কাৰ কৰা হৈছে৷ বেইজিঙত পুটিনৰ সৈতে বৈঠকৰ পাছতেই কিমৰ উপস্থিতি সংক্ৰান্তিয় সকলো চিহ্ন লগে লগেই মচি দিছে উত্তৰ কোৰিয়াই৷ অৰ্থাৎ বৈঠক চলাৰ সময়ত কিমে যিখন চকীত বহিছিল, যি গ্লাছত পানী পান কৰিছিল, সকলো পৰিষ্কাৰ কৰি মছি  বেইজিং এৰিছে উত্তৰ কোৰিয়াৰ শাসক কিমে৷ কিন্তু কিয় লগে লগেই মচি দিয়া হৈছে তেওঁৰ সকলো তথ্য৷

দ্বিতীয় বিশ্বযুদ্ধৰ অৱসান আৰু জাপানৰ বিৰুদ্ধে চীনৰ যুদ্ধজয়ক স্মৰণীয় কৰি ৰাখিবলৈ বুধবাৰে বেইজিঙত সামৰিক কুচকাৱাছৰ আয়োজন কৰা হৈছিল৷ সেই অনুষ্ঠানতেই চীনা প্ৰেচিডেণ্ট চি জিনপিঙৰ সৈতে একেখন মঞ্চত দেখা গৈছিল পুটিন আৰু কিমক৷ বেইজিঙৰ সামৰিক কুচকাৱাছৰ পাছতেই দুয়োৱে এঘণ্টীয়া এক বৈঠকতো বহে৷ কিন্তু এই বৈঠকৰ শেষত দেখা যায় অদ্ভুত দৃশ্য৷

উত্তৰ কোৰিয়াৰ নেতা কিমে স্পৰ্শ কৰা সকলো সামগ্ৰীয়েই মচি দিছে তেওঁৰ লগত থকা প্ৰতিৰক্ষা কৰ্মীয়ে৷ তেওঁ যি গ্লাছত পানী পান কৰিছিল সেয়াও মচি দিয়া হৈছে৷ ৰাসায়নিকৰ সহায়ত পৰিষ্কাৰ কৰি দিয়া হৈছে তেওঁ বহা চকীও৷ বিশেষজ্ঞই ধাৰণা কৰিছে যে কিমন কোনো তথ্য যাতে বিদেশী চোৰাংচোৱাৰ হাতত নপৰে তাৰবাবেই এই ব্যৱস্থা৷ কাৰণ উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতাৰ ডি এন এ সংক্ৰান্তিয় কোনো তথ্য যাতে বিদেশী শক্তিৰ হাতত নপৰে তাৰ বাবেই এই সিদ্ধান্ত৷

সাম্প্ৰতিক সময়ত কিম আৰু পুটিনৰ মাজত বন্ধুত্ব গাঢ় হৈছে৷ কিন্তু সেই পুটিনৰ সৈতে বৈঠকৰ পাছত কিমৰ সমস্ত চিহ্ন মচি পেলোৱাৰ চেষ্টা কৰাৰ কথা চৰ্চা হৈছে আন্তৰ্জাতিক মহলত৷ পুটিনৰ সৈতে কিমৰ বৈঠক শেষ হোৱাৰ পাছত কিমৰ দলৰ অতিসক্ৰিয়তাৰ এটা ভিডিঅ’ ইতিমধ্যেই প্ৰকাশিত হৈছে৷ সেই ভিডিঅ’ত দেখা গৈছে পুটিনৰ সৈতে বৈঠকৰ সময়ত কিমে যিখন চকীত বহিছিল সেয়া সাৱধানে মচি দিছে তেওঁৰ সহচৰে৷

প্ৰথমে চেয়াৰৰ পিছৰ অংশ আৰু হাত পৰিষ্কাৰ কৰা হয়৷ তাৰপিছতেই কিমৰ চকীৰ কাষত থকা কফি টেবুলখনো পৰিষ্কাৰ কৰা হয়৷ কিমৰ পানীৰ গ্লাছো কৌশলেৰে বাহিৰলৈ লৈ যায় কিমৰ এগৰাকী কৰ্মী৷ দক্ষিণ কোৰিয়া আৰু জাপানী চোৰাংচোৱা সংস্থাক উদ্ধৃত কৰি জাপানী সংবাদপত্ৰ নিক্কেইয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে পূৰ্ববৰ্তী বিদেশ ভ্ৰমণৰ দৰে স্বাস্থ্য সংক্ৰান্তিয় তথ্য গোপনে ৰাখিবলৈ বেইজিং যাত্ৰাত কিমৰ মলমূত্ৰও সংগ্ৰহ কৰা হৈছে৷ যেনেকৈ ট্ৰাম্পৰ সৈতে দেখা কৰিবলৈ যাওঁতে পুটিনৰ মলমূত্ৰ সংগ্ৰহ কৰি ৰাখিছিল তেওঁৰ দেহৰক্ষীয়ে৷

পুটিনৰ দৰে কিমৰ ক্ষেত্ৰত কোনো পুপ ছুটকেছ বহন কৰা হোৱা নাই৷ লগত লৈ যোৱা হৈছিল এক শৌচাগাৰো৷ উত্তৰ কোৰিয়াৰ নেতৃত্ব বিশেষজ্ঞ মাইকেল মেডেনে জনাইছে যে কিমৰ পূৰ্বসূৰী আৰু তেওঁৰ পিতৃ কিম জং ইলৰ সময়তো এই ধৰণৰ ব্যৱস্থা আচিল৷ মেডেনৰ কথাত বিশেষ শৌচালয় আৰু মানৱবৰ্জ্য যাতে কোনো বিদেশী সংস্থাই আৰু বন্ধু দেশৰ কোনো চোৰাংচোৱা সংস্থাৰ হাততো নপৰে তাৰবাবেই এই বন্দোবস্ত৷

কিমৰ স্বাস্থ্য সম্পৰ্কেও কোনো তথ্য যাতে বিদেশীসকলৰ হাতত নপৰে তাৰবাবেই এই ব্যৱস্থা৷ আনকি তেওঁৰ চুলি আৰু ছালৰ চাপো মচি পেলোৱা হয়৷ ২০১৯ চনৰ দক্ষিণ কোৰিয়াৰ তৎকালীন প্ৰেছিডেণ্ট মুন জায়ে ইনৰ সৈতে বৈঠকৰ সময়ত উত্তৰ কোৰিয়াৰ নিৰাপত্তাৰক্ষীয়ে চেয়াৰ আৰু টেবুল চেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি দিছিল৷ ২০২৩চনত পুটিনৰ সৈতে আৰু এক শীৰ্ষ সন্মিলনত বহাৰ পূৰ্বে কিমৰ নিৰাপত্তাৰক্ষীয়ে উত্তৰ কোৰিয়াৰ একনায়কৰ চেয়াৰ জীৱাণুনাশক দি মচি পেলায়৷ চেয়াৰখন নিৰাপদ হয়নে নহয় সেই পৰীক্ষাও কৰা হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

আপুনি ডেৰশ বছৰো জীয়াই থাকিব পাৰিব! কিমক কাষত লৈ অমৰত্বৰ আলোচনা পুটিন-ছি জিনপিঙৰ, ভাইৰেল কথোপকথন, কেনেকৈ ডেৰশ বছৰ জীয়াই থাকিব মানুহ?

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.